কৈশোৰ অৱস্থাত ল’ৰা-ছোৱালী উভয়ৰে স্বাস্থ্য সম্পৰ্কীয় এটা প্ৰধান সমস্যা হৈছে শালমন। তথ্য অনুসৰি ৮০ ৰপৰা ৯০ শতাংশই কৈশোৰ কালত শালমনৰ সমস্যাত ভোগে আৰু প্ৰায় ২০ শতাংশৰ ক্ষেত্ৰত ই গুৰুত্বৰ হয়। গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলৰ ল’ৰা-ছোৱালী বেছিকৈ শালমনৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। বেছিভাগ ক্ষেত্ৰতে ২০ বছৰৰ পৰা লাহে লাহে কমি ২৫ বছৰৰ আশে-পাশে নতুন শালমন ওলোৱা বন্ধ হয় যদিও দাগবোৰ থাকি যাব পাৰে।
আমাৰ গাল বা মুখমণ্ডলৰ ছালত কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে, য’ত ছিবেচিয়াছ নামৰ এক শ্ৰেণীৰ গ্ৰন্থি থাকে। এই ছিবেচিয়াছ গ্ৰন্থিত ‘ছিবাম’ নামৰ তেলেতীয়া পদাৰ্থ এবিধ উত্পন্ন হয়। ছালৰ মৃত কোষবোৰ তেলেতীয়া ছিবামত লাগি ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যোৱাত শালমনৰ সৃষ্টি হয়। কৈশোৰ কালত এন্দ্ৰ’জেনৰ যৌন হৰমনবোৰৰ উৎপাদন বাঢ়িবলৈ লোৱাৰ ফলত ছিবেচিয়াছ গ্ৰন্থিবোৰ আকৃতিত ডাঙৰ হোৱাত ছিবামৰ উৎপাদনো বাঢ়িবলৈ লয়। যাৰ কাৰণে কৈশোৰ কালত শালমনৰ সমস্যাই দেখা দিয়ে। বিভিন্ন গৱেষণাগাৰৰ পৰা প্ৰমানিত হৈছে যে মানসিক চাপ আৰু উৎকণ্ঠাই শালমন সমস্যা বঢ়ায়। অধিক শৰ্কৰাযুক্ত খাদ্য, চকলেট, গাখীৰ খালেও শালমন হোৱাৰ আশংকা থাকে। ডেমোডেক্স নামৰ এবিধ পৰজীৱীয়েও শালমন সৃষ্টি কৰাত প্ৰভাৱ পেলায় বুলি গৱেষণাৰ পৰা প্ৰমানিত হৈছে। মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থা বা ৰজোনিবৃত্তিৰ সময়ত হৰমনৰ পৰিৱৰ্তনৰ কাৰণে শালমন দেখা দিব পাৰে। মুখমণ্ডল পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰাখি শালমনৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়। নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিয়মীয়াকৈ মুখমণ্ডল ধুব লাগে। মুখ ধোওতে ছালৰ অনিষ্ট কৰিব নোৱাৰা মৃদু চাবোন বা উন্নতমানৰ ‘ফেচ ৱাশ্চ’ ব্যৱহাৰ কৰিব লাগে। শাৰিৰীক পৰিশ্ৰমৰ লগতে নিয়মীয়া পৰিমিত টোপনিয়ে শালমনৰ সমস্যা পৰা মুক্ত ৰখাত সহায় কৰে। অধিক শৰ্কৰা-সূচ্যাংক খাদ্য আদি অনিষ্টকাৰী। সতেজ শাক-পাচলি, ফল-মূল আদি নিয়মীয়াকৈ খোৱা উচিত। হাঁহি-ধেমালিৰে মনটো আনন্দময় কৰি ৰাখিব লাগে৷ অনাহক উৎকণ্ঠা, দুঃচিন্তাক প্ৰশ্ৰয় দিব নালাগে। পানী প্ৰচুৰ পৰিমাণে খাব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে, বেঞ্জাইল পেৰ’ক্সাইড, ছেলিছাইলিক এচিড, ক্লিন্দামাইচিন, ডক্চিচাইক্লিন আদি প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰ’জেন-প্ৰ’জেষ্টেৰণ যুক্ত গৰ্ভনিৰোধক, প্ৰ’জেষ্টিন, স্পাইৰোণোলেক্টন আদি ব্যৱহাৰ কৰি সুফল পোৱা যায়। লেজাৰৰ দ্বাৰা স্থায়ীভাৱে ৰৈ যোৱা ক্ষতৰ চিকিৎসাও বৰ্তমান সম্ভৱ।
কৈশোৰ কাল মানৱ জীৱনৰ এক জটিল সন্ধিক্ষণ। এই সময়ছোৱাত হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ বাবে ল’ৰা-ছোৱালী সামাজিক নিৰাপত্তাহীনতাত ভোগে। শালমনে সাধাৰণতে শাৰীৰিকভাৱে কিশোৰ বা কিশোৰীগৰাকীৰ বিশেষ গুৰুতৰ সমস্যা নকৰে যদিও মানসিকভাৱে নীচাত্মিকাবোধ আৰু হতাশাৰ সৃষ্টি কৰে।এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি কিছুমানে শালমনৰ শক্তিশালী চিকিৎসাৰ পোষকতা কৰে।