লাহৰীঘাট, সংবাদ ৩৬৫, ৬ আগষ্টঃ লাহৰীঘাটত গড়কাপ্তানী পথৰ দুৰৱস্হা৷ চপৰা চপৰে খহিছে নগাওঁ-ভূৰাগাওঁ সংযোগী গড়কপ্তানী বিভাগৰ পকী পথচোৱা৷ নিতৌ হাজাৰ হাজাৰ পথাচাৰিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ একমাত্ৰ মাধ্যম এই পথচোৱা৷ লাহৰীঘাটৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ ব্যৱস্হা এই পকী  পথচোৱা৷ উল্লেখ্য যে বিগত বছৰৰ প্ৰলয়ংকাৰী বানে এক প্ৰকাৰৰ তচনচ কৰি থৈ গৈছিল পথচোৱাৰ লগতে সমগ্ৰ অঞ্চলতো৷ তেতিয়াৰে পৰা আজিকোপতি মৰিগাঁও জিলাৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ এই পথচোৱাৰ মেৰামতিৰ বাবে চকু নপৰিল৷ যাৰ ফলত এতিয়া এজাক বৰষুনতেই খহি খহি নাইকিয়া হবলৈ ধৰিছে এই পকী পথচোৱা৷ ইতিমধ্যে খহনীয়াত জাহ গৈছে পথৰ অৰ্ধাংশ৷ যাৰ ফলত যোগাযোগৰ ব্যৱস্হা ব্যহত হৈ পৰিছে৷