নগাঁও, সংবাদ ৩৬৫, ২৮ আগষ্টঃ শিক্ষক যিয়ে নিজে গলি আনক পোহৰ বিলায়৷ তাৰেই এক জ্বলন্ত উদাহৰণ নগাঁও জিলাৰ বট্টদ্ৰৱা সমষ্টিৰ জাজৰি বেলতলা স্হিত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সতীন্দ্ৰ নাথ বৰা৷ শিক্ষক গৰাকীয়ে উক্ত বিদ্যালয়খনত ২৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হবলগীয়া হৈছে। ২৪ বছৰীয়া কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈ কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহন কৰা শিক্ষকগৰাকীক দেওবাৰে বিদ্যালয় খনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাবে বিদায় জনোৱা হয়।সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰক বিদায় দিবলগীয়া হোৱাত সকলো আবেগিক হৈ পৰে।স্থানীয় ৰাইজ আৰু বিদ্যালয় কতৃপক্ষই শৰাই,প্ৰশস্তি পত্ৰ,কিতাপৰ টোপোলাৰে শিক্ষক গৰাকীক বিদায় সম্ভাষন জনায়। আনৰ দৰে শিক্ষক গৰাকীৰো এটা সপোন অাছিল ,চৰকাৰী দৰমহা পাৱ, সেই ধনৰে অৱসৰৰ পিচত এটা নিজা ঘৰ বনাৱ, কিন্তু সেইয়া সপোন বাস্তৱত ৰূপায়িত ন”হল। অশেষ কষ্ট স্বীকাৰ কৰিও অাজিলৈকে তেখেতে নিয়মিয়াকৈ চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন নাপালে। টিউচন কৰি দুই এপইছা গোটাই জোৰা তাপলি মাৰি পেটে ভাতে খাই আছে এই দুৰ্ভগীয়া শিক্ষক গৰাকীয়ে। বিনা পেঞ্চনেৰে ৰুগীয়া পত্নীৰ চিকিৎসা কৰাৰ কথা ভাৱিবই নোৱাৰি৷ ঘোৰ অমানিশা নামি আহিছে শিক্ষকগৰাকীৰ জীৱনলৈ৷ শিক্ষকগৰাকীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে তেখেতৰ দৰে দুৰ্ভগীয়া শিক্ষক সকলক দীৰ্ঘজীৱন শিক্ষকতাৰ বিনিময়ত অৱসৰৰ পিচত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিয়ক চৰকাৰে । বিদায়ী সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ ডেকা,বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।উল্লেখ্য জাজৰি বেলতলত ১৯৮৮ চনত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল।১৯৯৪ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে।বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ কুটিল ৰাজনীতিৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহল। যাৰ ফলস্বৰূপে শিক্ষকতাৰ দৰে মহান বৃত্তিত জৰিত হৈয়ো বিদ্যালয়খনৰ শিক্ষক সকলে প্ৰাপ্য ধন লাভ নকৰি পেটত গামোচা বান্ধিব লগীয়া হৈছে।স্থানীয় ৰাইজৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ যে চৰকাৰে এই দুৰ্ভগীয়া শিক্ষক সকলৰ প্ৰতি চকু দিয়াতো উচিত। বিদ্যালয়খন বৰ্তমানৰ পৰিবৰ্ত্তনকামী চৰকাৰে যাতে প্ৰাদেশীকৰন কৰে তাৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীয়ে। কিন্তু কেতিয়ালৈ এই বিদ্যালয়খনৰ উপৰত চৰকাৰৰ সু দৃষ্টী পৰিব সেয়াহে অনাগত দিনত লক্ষ্যণীয় হব।