তামাৰহাট,সংবাদ ৩৬৫, ২৮ আগষ্টঃ দৰিদ্ৰতাই হেঙাৰ ৰূপে থিয় দি ঘোৰ অমানিশা নমাই আনিলে  তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰি গাঁওৰ তথা হাতীধূৰা কলেজৰ তৃতীয় চেমিষ্টাৰৰ মেধাবী ছাত্ৰী হাচিনা খাতুনৰ জীৱনলৈ৷ পঢ়াশুনাত অত্যন্ত চোকা দিন মজুৰী কৰা পিতৃ  আব্দুল ওৱাহাৱ আৰু মাতৃ আমীৰন বিবিৰ চতুৰ্থ সন্তান হাচিনা খাতুন দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰৰ মাজতে পঢ়াশুনা কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে ৷হাচিনাৰ লাহে লাহে বেমাৰ বৃদ্ধি পোৱাত পাছত ক্ৰমশ দুৰ্বল হৈ পৰে আৰু তাৰ পাচত হাচিনাৰ পিতৃয়ে দেউতাকে গুৱাহাটীৰ এক ডাঙৰ  ডক্টৰক দেখুৱাত  ডক্টৰে তাইৰ হৃদ ৰোগ হোৱা বুলি কয় আৰু অপাৰেশ্বন কৰাৰ কথা কয় । অপাৰেশ্বনত কেইবালাখ টকাৰ প্ৰয়োজন আৰু অপাৰেশ্বন বাহিৰত কৰিব লাগিব বুলি কোৱাত  বিমোৰত পৰিছে হাচিনাৰ পিতৃয়ে৷ চকুৰ সন্মুখতে নিজ কন্যাৰ দিনক দিনে শৰীৰৰ পৰিবৰ্তন দেখিও অসহায় পিতৃয়ে একো কৰিব পৰা নাই৷। অসম বাসীৰ ওচৰত পিতৃৰ আবেদন যদি কোনো সদাশয় ব্যক্তি বা কোনো দল সংগঠনে হাচিনাৰ  প্ৰান ভিক্ষাৰ বাবে  চিকিৎসাৰ আৰ্থিক সাহায্য আগবঢ়ায় তেন্তে হয়তো হাচিনাক মৃত্যুৰ হাতৰ পৰা ঘুৰাই  আনিব পাৰিলো হেতেন বুলি কাতৰ অনুৰোধ কৰে হাচিনাৰ পিতৃয়ে৷ কোনো  সদাশয় ব্যক্তিয়ে  সহায় কৰিব বিচাৰিলে তলত দিয়া  নম্বৰত সহায় কৰিব পাৰে । হাচিনা খাতুনৰ একাউন্ট নম্বৰ – ৩৫১০১১৯৫৩১৫, আই এফ চি কোড- এচ বি আই এন ০০০৭৯৯৬