উত্তৰ অভায়াপুৰী, সংবাদ ৩৬৫, ২০ অক্টোবৰ: বহু বিতৰ্কিত হোজাইৰ বিধায়ক শিলাদিত্যৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে শনিবাৰে বঙাইগাঁও জিলা যুব কংগ্ৰেছ আৰু উত্তৰ অভায়াপুৰী সমষ্টিৰ কমিটিৰ নেতৃত্বত কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এখন এজাহাৰ দাখিল কৰা হয়। যোৱা ১৪ অক্টোবৰত শিলাদিত্যই ধুবুৰী আৱৰ্ত ভৱনত সাংবাদিকৰ আগত এক বিতৰ্ক মূলক মন্তব্য আগবঢ়ায়। তেওঁৰ এই বিতৰ্ক মূলক মন্তব্যৰ প্ৰতিবাদ জনাই যুব কংগ্ৰেছৰ জিলা সম্পাদক ইমৰাণ আলী সমষ্টি কমিটিৰ সভাপতি ৰমেজ উদ্দিনে শনিবাৰে এখন এজাহাৰ দাখিল কৰি বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায়। উল্লেখ্য যে দুৰ্গা পূজাৰ প্ৰাক ক্ষণত মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটৰ সন্মুখত যি বোমা বিস্ফোৰণ হৈছিল, সেই বিস্ফোৰণৰ ফলত চাৰি গৰাকীকৈ লোক আহত হৈছিল। এই ভয়ংকৰ বোমা বিস্ফোৰণ আলফা স্বাধীন পৰেশ বৰুৱাই কুটাঘাত কৰা বুলি খোদ পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত কৈছিল। তাৰ পাছতেই হোজাইৰ বিধায়ক শিলাদিত্যই এক বিতৰ্কিত মন্তব্য আগবঢ়াই কয় যে দুৰ্গা পূজাৰ আগমুহূৰ্তত বোমা বিস্ফোৰণ হোৱাতকৈ ঈদৰ সময়ত বোমা বিস্ফোৰণ হব লাগে। গতিকে ঈদৰ সময়ত বোমা বিস্ফোৰণ কৰিবলৈ পৰেশ বৰুৱাক উচটনি মুলক মন্তব্য দিয়ে বুলি বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুব কংগ্ৰেছীয়ে ।