হাজো, সংবাদ ৩৬৫, ২০ অক্টোবৰ : গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে যাত্রা কৰি থকা এ এছ টি চিৰ এখন বাছ শনিবাৰে কামৰূপ জিলাৰ হাজোৰ আদাবাৰীত এক ভয়াবহ দুর্ঘটনাৰ সন্মুখীন হয়। জানিব পৰা মতে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে যাত্রা কৰা এ এছ টি চিৰ এ এছ-২০-১৪২২ নম্বৰৰ বাছখন আদাবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই এখন দ’ খাৱৈত পৰে। বাছখন দ’ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই পৰাৰ লগে লগে স্থানীয় ৰাইজে বাছখনত যাত্ৰা কৰি থকা যাত্ৰী সকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমানলৈকে এই দুৰ্ঘটনাত ৭ জনকৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত ২০ জনৰো অধিক লোক আহত হৈছে। আহত লোক সকল ততাতৈয়াকৈ হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে যদিও এই দুৰ্ঘটনাত নিহত সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। স্থানীয় ৰাইজে বৰ্তমানেও উদ্ধাৰ অভিযান অব্যহত ৰাখিছে।