সৰভোগ, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ: গুৱাহাটীৰ পৰা আজ্ঞাঠুৰীলৈ থকা ৰেল পথছোৱাত দ্বৈত ৰেলপথ নিৰ্মাণ আৰু সৰভোগত লোকেল ট্ৰেইন টাৰ্মিনাল নিৰ্মাণ কৰাৰ দাবীত দেওবাৰে সৰভোগ ৰেল ষ্টেচনত পুৱা ৯ বজাৰ পৰা ১ বজালৈ এক গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে গণ ধৰ্ণা কাৰ্যসূচীত দাবী কৰে যে সৰভোগ ষ্টেচনত থকা অব্যৱহৃত ৰেলৰ মাটিত লোকেল ট্ৰেইন টাৰ্মিনাল নিৰ্মাণ কৰাৰ লগতে পুৱা ৫ বজাত সৰভোগ এৰি গুৱাহাটী ৮.৩০ বজাত পোৱাকৈ আৰু নিশা ৮ বজাত গুৱাহাটী এৰাকৈ এখন যাত্ৰীবাহী ৰেল প্ৰচলন কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে, দেওবাৰে বৰপেটাৰোডলৈ অহা উত্তৰ-পূৱ সীমান্ত ৰেলৰ মালিগাঁওস্থিত কাৰ্যালয়ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ক সৰভোগৰ পৰা যোৱা এটি সঁজাতী দলে উক্ত দুটা দাবীত এক স্মাৰক পত্ৰও প্ৰদান কৰে। উক্ত প্ৰতিবাদত সৰভোগ চেম্বাৰ্ছ অৱ কমাৰ্চ, অসম ৰেলযাত্ৰী সন্থা, বৰনগৰ প্ৰেছ ক্লাব আৰু গুৱাহাটীৰ বৰনগৰীয়া সমাজে আহ্বান জনোৱা এই ধৰ্ণা কাৰ্যসূচীত সৰভোগৰ বিভিন্ন দল-সংগঠনে অংশ গ্ৰহণ কৰে।