গুৱাহাটী, সংবাদ ৩৬৫, ১৫ ডিচেম্বৰ: শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ “বিবান্ত তাজ হোটেলত” আৰম্ভ হয় “ইষ্ট ইণ্ডিয়া ফেছন উইক”। উক্ত ফেছন উইক অনুষ্ঠানটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিলে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোত দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিমবংগৰ আৰু বহু কেইবাগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ ফেছন ডিজাইনাৰ আৰু মডেলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটোত বড়োসকলৰ বিভিন্ন পৰম্পৰাগত বস্ত্ৰ আৰু ডিজাইন ৰাইজৰ আগত দাঙি ধৰে। ইষ্ট ইণ্ডিয়া ফেছন উইক অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে প্ৰাক্তন তৰুণ গগৈয়ে আৰু তেওঁৰ লগত উপস্থিত থাকে তেওঁৰ পত্নী ডলী গগৈ। অনুষ্ঠানটো শুভ উদ্বোধন কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ইষ্ট ইণ্ডিয়া ফেছন এণ্ড ডিজাইন কাউন্সিলৰ শলাগ লৈ কয় খেল, চিনেমা, সংগীত, ফেছন আদি কৰি সকলো জগততে অসমৰ নাম ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলাবলৈ সক্ষম হৈছে।