বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ৩ জানুৱাৰী: নিৰ্বাচন আহে নিৰ্বাচন যায়। ঠিক তেনেকে নিৰ্বাচনৰ পূৰ্বে হেজাৰ প্ৰতিশ্ৰুতিও দিয়ে আৰু নিৰ্বাচনৰ পাছত এপাক ঘূৰি চাবলৈও আহৰি নাই ৰজাঘৰীয়াৰ। স্বাধীনতাৰ বাসত্তৰ বছৰ পাছতো আজিও ৰাইজে সেই একেই চৰম দুৰ্দশা ভুগিবলগীয়া হৈছে। মহানগৰীৰ পৰা মাত্ৰ বিশ কিলোমিটাৰ দুৰৈৰ অঞ্চল কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ দ্বিগুনপাৰ বাসীয়ে এখন দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভোগ কৰি আহিছে। দেশ স্বাধীন হোৱাৰ পাছৰে পৰা উক্ত অঞ্চলৰ ৰাইজে পুঠিমাৰী নৈৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰাৰ বাবে দাবী কৰি আহিছিল। প্ৰতিটো নিৰ্বাচনৰ সময়তে জন প্ৰতিনিধিসকল অঞ্চলটোলৈ আহি আশ্বাস প্ৰদান কৰে দলঙ নিৰ্মাণৰ। কিন্তু দ্বিগুনপাৰবাসীৰ দলঙৰ অভাৱত ওৰ নপৰে অন্তহীন সমস্যাৰ। কিন্তু কথাতে আছে নহয় ৰাইজে নখ জোকাৰিলে নৈ বয়। সেই আপ্তবাক্য শাৰীয়ে বাস্তৱত সত্য প্ৰমানিত কৰিলে উক্ত অঞ্চলৰ ৰাইজে। সেয়ে গাঠিৰ ধন ভাঙি কঁকালত টঙালি বান্ধি নিজেই নামি পৰিল দলঙ নিৰ্মাণৰ কামত। চৰকাৰী দলঙৰ আশা পৰিহাৰ কৰি বাহ-বেত তুলি নিজেই অঞ্চলবাসীয়ে নিৰ্মাণ কৰিলে যাতায়তৰ বাবে এখন হেপাহৰ দলঙ ।