ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২ জানুৱাৰী: সদৌ অসম গোৰ্খাৰ ছাত্র সন্থাৰ উদ্যোগত অহা ৮, ৯, ১০ আৰু ১১ জানুৱাৰীত চাৰি দিনীয়াকৈ গোর্খা মহোৎসৱ অনুষ্ঠিত হ’ব। সেই উদ্দেশ্য গোৰ্খা ছাত্র সন্থাই তাৰ প্ৰস্তুতিৰ চলাই থকাৰ মাজতে বুধবাৰে সন্ধিয়া ডিগবৈ শোধনাগাৰ কাৰ্য্যালয়ৰ প্ৰৱেশ দুৱাৰত গোর্খা ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কিয়নো এই মহোৎসৱৰ বাবে প্ৰয়োজনীয় ব্যৱহৃত সামগ্ৰী সাহাৰ্য বিচাৰি যোৱাত মানৱ সম্পদ বিষয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই গোর্খা জাতিৰ বিষয়ে সন্থাটোৰ বিষয়ববীয়া সকলক অভব্য আচৰণ কৰে আৰু তাৰ পাছত তৰ্কত লিপ্ত হয়। সেই অভিযোগতেই বুধবাৰে সন্ধিয়া গোর্খা ছাত্র সন্থাই ডিগবৈ শোধনাগাৰৰ মুখ্য প্ৰৱেশ দুৱাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি তাৰ প্ৰৱেশ দুৱাৰ বন্ধ কৰি ৰাখে। প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমক জানিব দিয়া মতে অতিশীঘ্ৰে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই যদি নিজৰ ভুল মানি লৈ ক্ষমা নোখোজে তেন্তে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি প্ৰদান কৰে।