বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ৩ জনুৱাৰী: পূৱ কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জণ কলিতাৰ ২ জানুৱাৰীৰ নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হোৱাত স্থানীয় ৰাইজে ততাতৈয়াকৈ ১০৮ ৰ জৰিয়তে আমিনগাঁওস্থিত নাৰায়ণা হস্পিতালত প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । উল্লেখ্য যে ৰঞ্জণ কলিতাই বুধবাৰে নিশাৰ ভাগত এ এছ ২৫ ডি ৬২৯৯ নম্বৰৰ নিজৰ গ্লেমাৰ বাইকেৰে বাইহাটা চাৰিআলি অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা গধুৰ বাহন এখনে খুন্দিয়ায় নিয়ে। ফলত ৰঞ্জণ কলিতা গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। ইমানেই নহয় একে দিশৰ পৰা আহি থকা এ এছ ২৫ জে ৪৮৬০ নম্বৰৰ বাইকেৰে আহি থকা দুই বাইক আৰোহীও দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত আছে। বৰ্তমান দুই বাইক আৰোহী চিকিৎসাধীন। উল্লেখ্য যে ৰঞ্জণ কলিতা অকল ছাত্ৰ নেতাই নহয় বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল । ৰঞ্জণ কলিতাৰ অকাল বিয়োগত শোকত ভাগি পৰে পিতৃ, মাতৃসহ ভগ্নী তথা অঞ্চলটোৰ অসংখ্য গুণমুগ্ধ লোক।