নিউজ ডেস্ক, ২৮ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু ভাৰতীয় সেনাই ২৬ নৱেম্বৰ ২০২৬ তাৰিখে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা ছাউনীত ৰে’লৰ পৰিচালন, তত্বাৱধান আৰু ব্যৱহাৰৰ বাবে এখন নতুন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। চুক্তিখনে এই সুবিধাটো ব্যৱহাৰ কৰাৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰি সেনাৰ ৰে’ল পৰিবহনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত উভয় সংগঠনৰ মাজত অবিৰত সমন্বয় প্ৰদান কৰিব।

এনে সুবিধাই সেনাৰ ধাৰাবাহিক যোগানক অধিক নিৰ্ভৰযোগ্য কৰি পৰিচালন প্ৰস্তুতিক যথাযোগ্য কৰাৰ লগতে দেশৰ ব্যাপক প্ৰতিৰক্ষা প্ৰস্তুতিত অৰিহণা যোগাব। এই স্বাক্ষৰ অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বাণিজ্যিক প্ৰৱন্ধকে ৰে’লৱে প্ৰতিনিধি দলক নেতৃত্ব প্ৰদান কৰে আনহাতে ভাৰতীয় সেনাৰ হৈ মেজৰ জেনেৰেল ডি কে আৰ গৌতম, কৰ্ণেল আকাশ খাজাঞ্চী, কৰ্ণেল কে জি সিং, কৰ্ণেল পি বৰা, লেফটেনেণ্ট কৰ্ণেল দিৱাকৰ পাৰমাৰ আৰু কৰ্ণেল সঞ্জীৱ ঠাকুৰ উপস্থিত আছিল।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অধীনৰ নিউ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ দ্বাৰা সেৱা আগবঢ়োৱা নাৰেংগীৰ এই মিলিটেৰী চাইডিংটো ১৯৯৯ বৰ্ষৰ ১৫ অক্টোবৰত প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ ৰে’ল পৰিবহনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰম্ভ কৰা হৈছিল। এই নতুন চুক্তিখনে নাৰেংগী চাইডিঙৰ জৰিয়তে ৰে’ল চলাচলৰ পৰিকল্পনাত উত্তৰ পূব সীমান্ত ৰে’লৱে আৰু ভাৰতীয় সেনাৰ মাজত সমন্বয় অধিক শক্তিশালী কৰি তুলিব। সেনা ছাউনীত অবিৰত ৰে’ল পৰিচালন প্ৰদান কৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই সেনাক সময়মতে বাহন, সা-সৰঞ্জাম আৰু অত্যাৱশ্যকীয় সামগ্ৰী স্থানান্তৰ কৰাত সহায় কৰি আহিছে।