বৰপেটা, সংবাদ ৩৬৫, ৪ জানুৱাৰী: শুকুৰবাৰে হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰী ক’ৰাপচন ফাউণ্ডেশ্যনৰ এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়। ৰাজ্য চৰকাৰে একাংশ সহজ-সৰল অশিক্ষিত দৰিদ্ৰ মানুহৰ দৰিদ্ৰতা তথা দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বৈধ ভাৰতীয় নাগৰিকৰ নাগৰিকৰ নামত ডি’ভোটৰ সজাই অমানৱীয় হাৰাশাস্তি কৰি থকাটো সৰ্বজনবিদিত। যোৱা ২২ নৱেম্বৰত জনীয়াৰ নিবাসী নবিৰণ নেচাক আৰু ২৭ ডিচেম্বৰত একেখন গাঁৱৰে মইফুল নেচাক বৰপেটা ১নং বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছে। নবিৰণ আৰু ময়ফুলৰ এনে খবৰ পাই তেওঁলোকৰ কাষত থিয় হয় হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰীক’ৰাপচন ফাউণ্ডেশ্যনৰ অসম কমিটিৰ সভানেত্ৰী প্ৰতিমা বৰুৱা প্ৰশাসনিক সম্পাদক আব্দুল্লাহেল কাফিকে ধৰি বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী সকল। নেতা কৰ্মী সকলে নবীৰণ আৰু ময়ফুলৰ কাগজ-পাতি অনুসৰণ কৰি দেখে যে দুয়ো গৰাকীৰে পিতৃৰ ৫১ চনৰ এন আৰ চি, ১৯৬৬ চনৰ ভোটৰ তালিকাৰ পৰা আৰম্ভ কৰি ১৯৯৭ পৰ্যন্ত ভোটৰ তালিকাত কোনো বিসংগতি নাই। তেনে ক্ষেত্ৰত বৰপেটাৰ বিদেশী ন্যায়াধিকৰণে তেওঁলোকক বিদেশী বুলি ঘোষণা কৰাটো দূৰ্ভাগ্যজনক বুলি অভিহিত কৰে। গতিকে এই দুগৰাকী মহিলাক ন্যায় দিয়াৰ স্বাৰ্থত হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰী ক’ৰাপচন ফাউণ্ডেশ্যনে তেওঁলোকৰ নিজ খৰচত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্ত হ’ব। প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ পাছত উচ্চতম ন্যায়ালয় আৰু তাৰ পাছত আন্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ কাষ চাপিবলৈও ফাউণ্ডেশ্যন সাজু বুলি ঘোষণা কৰিছে। এই ঘোষণাৰ পাছত নবিৰণ আৰু ময়ফুলে কিছু মানসিক শান্তি পোৱাৰ লগতে জনীয়া বাসীয়ে হিউমেন ৰাইটচ্ এণ্ড এন্ট্ৰী ক’ৰাপচনক ভূয়সী প্ৰশংসা কৰা দেখা গৈছে।