খাৰুপেটীয়া, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: বৃহস্পতিবাৰে সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ দৰং জিলা সমিতি গঠন কৰা হয় ৷ দৰঙৰ খাৰুপেটীয়া ডাক বঙলাত বুধবাৰে দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুচ ছামাদৰ সভাপতিত্বত অনুষ্ঠিত এক সাধাৰন সভাত দৰঙৰ ছিপাঝাৰ, মঙ্গলদৈ, খাৰুপেটীয়া আৰু দলগাঁৱৰ অৰ্ধ শতাধিক সাংবাদিকৰ সমাগমেৰে আজুৰ কেন্দ্ৰীয় সভাপতি পঙ্কজ কুমাৰ নাথ, উপ সভাপতি তৰুন ডেকা, এম হাবিজ আলীৰ উপস্থিতিত দৰং জিলাৰ সদৰৰ হেমন্ত কুমাৰ বৰুৱাক সভাপতি,খাৰুপেটীয়াৰ শ্ৰাৱন কুমাৰ ঝাক কাৰ্যকৰী সভাপতি, ছিপাঝাৰৰ হৰেণ ডেকাক উপ সভাপতি আৰু দলগাঁৱৰ মজিবৰ ৰহমানক সাধাৰন সম্পাদক হিচাবে লৈ আজুৰ দৰং জিলা সমিতি খন গঠন কৰা হয় ৷ সভাত আজুৰ সভাপতি পঙ্কজ কুমাৰ নাথে মূখ্য অতিথিৰ ভাষন দি কয় যে সদৌ অসম সাংবাদিক সন্থা কেৱল সাংবাদিকৰে নহয় , সাংবাদিকৰ বিভিন্ন সমস্যা, নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত মাত মাতাৰ লগতে আজুক জাতীয় সংগঠন হিচাবেও গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে ৷ আজুৱে অসম আৰু অসমীয়াৰ বাবেও মাত মাতি যাব ৷ সম্প্ৰতি অসমৰ জ্বলন্ত ইছু নাগৰিকত্ব সংশোধনী বিল বিৰোধী আন্দোলনৰ অংকুৰণ আজুৰ উদ্যোগতে হৈছিল আৰু এই বিল বাতিলৰ দাবীত অহা ২৯ জানুৱাৰী তাৰিখে গুৱাহাটীত ৰাজভৱনৰ সন্মূখত আজুৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন কৰিব ৷ তেখেতে আছুৱে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দিয়া জাতীয় নায়কৰ পদবী ঘূৰাই আনিবলৈ দাবী জনাইছে ৷