মাজিৰগাঁও, সংবাদ ৩৬৫, ২৬ জানুৱাৰী: প্ৰত্যেক বছৰৰ দৰে এইবেলিও গণৰাজ্য দিৱসৰ দিনা শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে লুইত ৰাইডাৰচ অসমে। বিগত বৰ্ষৰ ৪ মেত তিনিচুকীয়াৰ বৰডুমছাত আলফা আৰক্ষীৰ সংঘৰ্ষত শ্বহীদ হোৱা অসম মাতৃৰ সন্তান শ্বহীদ ভাস্কৰ কলিতাৰ সমাধিত শনিবাৰে গণৰাজ্য দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লুইত ৰাইডাৰ নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে ।’লুইত ৰাইডাৰচ অসমে’ প্ৰতি বছৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক স্মৰণ কৰি এই দিন দুটিত একো একোজন শ্বহীদক স্মৰণ কৰে। এই বেলিও লুইত ৰাইডাৰচ অসমৰ শতাধিক সদস্যই বাইক ৰেলি কৰি আহি মাজিৰগাওস্থিত ভাস্কৰ কলিতাৰ সমাধিত উপস্থিত হৈ জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত আৰু চেলুটেৰে শ্বহীদ গৰাকীক শ্ৰদ্ধা জনায় । গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত শ্বহীদ ভাস্কৰ কলিতাৰ পিতৃয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু মাতৃয়ে অশ্ৰু সিক্ত নয়নৰে শ্বহীদ গৰাকীৰ ফটোত শ্ৰদ্ধাঞ্জলি জনাই ।আনহাতে লুইত ৰাইডাৰচ অসমে শ্বহীদ গৰাকীৰ পিতৃ মাতৃক জাপি ফুলাম গামোচা আৰু মান প্ৰত্ৰৰে সম্ভোৰ্ধনা জনোৱাৰ উপৰিও শ্বহীদ গৰাকীৰ ৰুগীয়া পিতৃৰ চিকিৎসাৰ ও কিছু দায়িত্ব ললে সংগঠনটোৱে। যি সময়ত ৰাজ্য চৰকাৰখনে শ্বহীদৰ অৱদানৰ কথা পাহৰি হিন্দু বাংলাদেশীক সংস্থাপনক লৈ ব্যস্ত হৈ আছে সেই সময়তে লুইত ৰাইডাৰচ অসমৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে শ্বহীদ ভাস্কৰ কলিতাৰ পৰিয়ালৰ লগতে অঞ্চল বাসীয়ে । আনহাতে শ্বহীদ পৰিয়ালৰ প্ৰতি চৰকাৰৰ কৰণীয়ত অসন্তুষ্টি ব্যক্ত কৰে শ্বহীদ গৰাকীৰ পিতৃয়ে ।