গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৬ : ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ (এছ এছ আৰ) প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (Assam Pradesh Congress Committee) এক গুৰুত্বপূৰ্ণ সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ আৰু সংবাদ মাধ্যম তথা প্ৰচাৰ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকি নিৰ্বাচন আয়োগৰ ভূমিকা, ভোটাৰ তালিকাৰ বিসংগতি আৰু দলীয় সাংগঠনিক পদক্ষেপ সম্পৰ্কে বিস্তৃত তথ্য দাঙি ধৰে।

সংবাদ মেলৰ আঁত ধৰি বেদব্ৰত বৰাই কয় যে সমগ্ৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতৰ নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ চৰ্চা চলিছে। এনে সময়তে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু বিধায়ক এ কে ৰছিদ আলমৰ উপস্থিতিত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতেই আয়োগৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰোৱা হয়। সংবাদ মেলত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয় যে বিগত ৫ ফেব্ৰুৱাৰীত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পোৱাৰ মাত্ৰ আঠ মাহৰ ভিতৰতে পুনৰ সংক্ষিপ্ত পুনৰীক্ষণ কৰিবলগীয়া হোৱাটো ভাৰতবৰ্ষৰ ৰাজনীতিত এক বিৰল আৰু ঐতিহাসিক ঘটনা। সাধাৰণতে চাৰি-পাঁচ বা দহ বছৰলৈ এনে পুনৰীক্ষণ নহয়, কিন্তু দেশৰ জনসাধাৰণ, যুৱশক্তি আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্বাচন আয়োগৰ ওপৰত আস্থা হেৰাই যোৱা আৰু উচ্চতম ন্যায়ালয়ত চলি থকা আন্দোলনৰ ফলতেই আয়োগ আজি এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি সত্যব্ৰত কলিতাই কয় “অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত ক’বলৈ গ’লে, ভাৰতৰত্ন পাবলগীয়া জ্ঞানেশ কুমাৰে বাধ্য হৈ পুনৰ স্পেচিয়েল ছামাৰী ৰিভিজন আৰম্ভ কৰিবলৈ লৈছে”। অহা নৱেম্বৰ মাহৰ ভিতৰতে এই পুনৰীক্ষণ প্ৰক্ৰিয়া সামৰি নতুন তালিকা প্ৰকাশৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

সত্যব্ৰত কলিতাই অসমৰ ছাত্ৰ আৰু যুৱশক্তিক আহ্বান জনাই কয় যে ১৮ বছৰ সম্পূৰ্ণ হোৱা প্ৰতিগৰাকী যোগ্য যুৱক-যুৱতীয়ে যাতে ৬ নম্বৰ প্ৰপত্ৰ পূৰণ কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰে, তাৰ বাবে তৎপৰ হ’ব লাগিব। অনলাইন ব্যৱস্থাৰ উপৰিও গাঁও অঞ্চলৰ নাগৰিকসকলৰ সুবিধাৰ্থে অফলাইন প্ৰক্ৰিয়া সক্ৰিয় ৰখাৰ প্ৰয়োজনীয়তা আছে। তেওঁ অভিযোগ কৰে যে পূৰ্বতে চক্ৰ বিষয়াৰ হাতত থকা এই দায়িত্ব এতিয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ হস্তান্তৰ কৰি কেন্দ্ৰীভূত কৰা হৈছে, যাৰ বাবে সাধাৰণ ৰাইজ আৰু গাঁও প্ৰধানসকল অসুবিধাৰ সন্মুখীন হৈছে। আয়োগৰ প্ৰচাৰ ব্যৱস্থাক সমালোচনা কৰি তেওঁ কয় যে প্ৰতিটো সমষ্টিত কমেও ১০ খনকৈ সমগ্ৰ ৰাজ্যত প্ৰায় ১২ হাজাৰ ফলক (হৰ্ডিং) আঁৰি ৰাইজক সজাগ কৰাৰ দাবী জনোৱা হৈছিল যদিও আয়োগে বাজেটৰ অজুহাত দেখুৱাই কেৱল প্ৰেছমিট আৰু সামাজিক মাধ্যমতে প্ৰচাৰ সীমাবদ্ধ ৰখাৰ সিদ্ধান্ত লৈছে। নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰাটো অতি দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে।

একেদৰে ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত এজন ব্যক্তিয়ে সৰ্বাধিক ১০ জনৰ বিৰুদ্ধেহে অভিযোগ দাখিল কৰিব পৰা নিয়মটোতো বহু কাৰিকৰী আঁসোৱাহ থকা বুলি তেওঁ আঙুলিয়াই দিয়ে। ভোটাৰ তালিকাৰ ভুলৰ প্ৰসংগ টানি সত্যব্ৰত কলিতাই চৰকাৰখনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় “এখন অশুদ্ধ ভোটাৰ তালিকাৰ ওপৰত ভিত্তি কৰি যি নিৰ্বাচন অনুষ্ঠিত হ’ল, সেই নিৰ্বাচন কেতিয়াও বৈধ হ’ব নোৱাৰে। এইখন চৰকাৰ এখন সম্পূৰ্ণ অবৈধ চৰকাৰ। যদি মুখ্যমন্ত্ৰীৰ গণতন্ত্ৰ আৰু জনসাধাৰণৰ প্ৰতি ন্যূনতম সন্মান আছে, তেন্তে তেওঁ পদত্যাগ কৰি নতুন ভোটাৰ তালিকাৰে ফ্ৰেছ নিৰ্বাচনৰ মুখামুখি হ’ব লাগে”। তেওঁ লগতে সন্দেহ প্ৰকাশ কৰে যে যুৱ প্ৰজন্মৰ অসন্তুষ্টি আৰু ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে নতুন ভোটাৰসকলক তালিকাত অন্তৰ্ভুক্ত কৰাত বাধা দিয়াৰ কৌশলো অৱলম্বন কৰিব পাৰে।

সংবাদ মেলত প্ৰাক্তন বিধায়কগৰাকীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু তাৰ তদন্ত প্ৰক্ৰিয়াক লৈয়ো চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। শেহতীয়াকৈ দুজন অভিযুক্তই জামিন লাভ কৰা ঘটনাক এক ষড়যন্ত্ৰ আখ্যা দি তেওঁ কয় যে বিধানসভাৰ মজিয়াত স্বয়ং মুখ্যমন্ত্ৰীয়ে এজন ব্যক্তিয়ে হত্যা কৰা আৰু চাৰিজন ব্যক্তিয়ে সহযোগ কৰা বুলি স্বীকাৰ কৰিছিল। এই বক্তব্যৰ আঁত ধৰি কলিতাই কয় “এছ আই টিয়ে পানী নসৰকা চাৰ্জশ্বীট দিয়া বুলি কোৱা হৈছিল, কিন্তু সেই পানী সৰকি এতিয়া বানপানী হ’ল। মুখ্যমন্ত্ৰীৰ যি বুদ্ধি, সেইটো হৈছে শিয়াল বুদ্ধি। বিধানসভাত এজনে হত্যা কৰা আৰু চাৰিজনে সহায় কৰা বুলি ঘোষণা কৰাৰ পাছতো এছ আই টিয়ে আজিলৈকে কিয় মুখ্যমন্ত্ৰীক জেৰা কৰা নাই যে সেই ব্যক্তিকেইজন কোন আছিল?”

মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সেই অভিযুক্তসকলৰ নাম ৰাজহুৱা কৰিব লাগে বুলি তেওঁ দাবী জনায়। ইপিনে, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে সাংগঠনিক কাৰ্যপন্থা সন্দৰ্ভত বক্তব্য দাঙি ধৰি কয় যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত সমগ্ৰ দেশজুৰি আন্দোলন গঢ়ি উঠিছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত দেশৰ লগতে অসমৰো ৩৫ খন জিলা আৰু ৩০১টা ব্লকত “ভোট বচাও, দেশ বচাও” শীৰ্ষক গণ-আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচী তদাৰক কৰিবলৈ এ আই চি চি-য়ে অসমলৈ ৭ গৰাকী জ্যেষ্ঠ পৰ্যবেক্ষক প্ৰেৰণ কৰিছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ১০২ গৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে। এই পৰ্যবেক্ষকসকলে জিলা আৰু ব্লক পৰ্যায়ত উপস্থিত হৈ সংবাদ মেল সম্বোধন কৰাৰ উপৰিও তৃণমূল পৰ্যায়ত ৰাইজক সজাগ কৰিব।

বিপুল গগৈয়ে অভিযোগ কৰে যে কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০২৭, ২০২৮ আৰু ২০২৯ চনৰ নিৰ্বাচনসমূহৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীক নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা সন্দৰ্ভত তেওঁ কয় “ভাৰতৰ নিৰ্বাচন আয়োগ এখন সাংবিধানিক আৰু স্বাধীন প্ৰতিষ্ঠান। ইয়াত কোনো হস্তক্ষেপ হ’ব নোৱাৰে। টি এন ছেছানৰ দৰে একোগৰাকী শক্তিশালী আৰু নিৰপেক্ষ ব্যক্তিয়েহে নিৰ্বাচন আয়োগৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব”। তেওঁ সতৰ্ক কৰি দিয়ে যে বিসংগতিপূৰ্ণ ভোটাৰ তালিকাৰে নিৰ্বাচিত চৰকাৰে সংসদত গৃহীত কৰা বিধেয়কসমূহো নৈতিকভাৱে বৈধ হ’ব নোৱাৰে। ভোটাৰ তালিকা সুৰক্ষিত ৰখাৰ স্বাৰ্থত কংগ্ৰেছ দলে লোৱা ঐতিহাসিক সাংগঠনিক সিদ্ধান্ত ঘোষণা কৰি বিপুল গগৈয়ে কয় যে ৰাজ্যৰ সকলো পৌৰ ৱাৰ্ড (৬৬৯ টা) আৰু সমগ্ৰ অসমৰ ৩১ হাজাৰ ৪৮৬ টা ভোটকেন্দ্ৰত প্ৰদেশ কংগ্ৰেছে একোজনকৈ ‘ভোট ৰক্ষক’ নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। দলৰ নিষ্ঠাৱান নেতাসকলক এই পদত নিযুক্তি দিয়া হ’ব।

এই ভোট ৰক্ষকসকলে নিজ নিজ বুথত যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই, কোনো বৈধ ভোটাৰৰ নাম ষড়যন্ত্ৰমূলকভাৱে কৰ্তন কৰা হৈছে নেকি নাইবা কোনো বাহিৰৰ ভুৱা ভোটাৰ তালিকাভুক্ত হৈছে নেকি সেই সমগ্ৰ বিষয়টোত চোকা দৃষ্টি ৰাখিব। বুথ সভাপতি, মণ্ডল সভাপতি আৰু ব্লক সভাপতিৰ সৈতে সমন্বয় ৰাখি এই ‘ভোট ৰক্ষক’সকলে গণতন্ত্ৰ ৰক্ষাৰ যুঁজখন তৃণমূল পৰ্যায়লৈ লৈ যাব বুলি নেতাসকলে দৃঢ়তাৰে প্ৰকাশ কৰে। সংবাদ মেলৰ শেষত বেদব্ৰত বৰাই পুনৰ কয় যে ভোটাৰ তালিকাৰ শুদ্ধতা আৰু গণতন্ত্ৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈকে নতুনকৈ ‘ভোট ৰক্ষক’ পদটো সৃষ্টি কৰি কংগ্ৰেছে এই তৎপৰতা হাতত লৈছে।