বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ৩১ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ় লৈ উঠা নৰবচ্ছিন্ন প্ৰতিবাদ আৰু আন্দোলনত ৰাজ্যৰ লগতে দেশৰো কিছু অংশত তোলপাৰ থকাৰ সময়তে একাদশ শ্ৰেণীৰ ছাত্ৰ এজনে বৃহস্পতিবাৰে পুৱা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা এক ব্যতিক্ৰমী কাৰ্যসুচী গ্ৰহণ কৰা দেখা গল । এই কাৰ্যসুচীৰে বহুজনৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ জন হৈছে দৰং জিলাৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ প্ৰাণকেন্দ্ৰ পথৰুঘাট(বৰ্তমান পাথৰিঘাট)ৰ উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণীৰ ছাত্ৰ তথা জিলাখনৰ আঠকুৰি পাৰা গাঁৱৰ হানিফ আলিৰ পুত্ৰ আব্দুৰ ৰেজেক । ছাত্ৰজনে বৃহস্পতিবাৰে পুৱা যাত্ৰী পৰিবাহী বাহনেৰে বাইহাটা চাৰিআলি চ’কত উপস্থিত হয় । ইয়াৰ পিছতে ছাত্ৰজনে নিজৰ দেহত ৰাষ্ট্ৰীয় পতাকা আৰু” অসমত অসমীয়া জাতিৰ অস্তিত্ব শেষ নকৰিব “শীৰ্ষক লিখনি সম্বলিত জাতিটোৰ অন্যতম ধ্বজা বহনকাৰী এখন গামোছা নিজৰ দেহত উৰুৱাই লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুৱা ৯-৩০ বজাত বাইহাটা চাৰিআলি চ’কৰ পৰা জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰলৈ একক ভাৱে দৌৰ আৰম্ভ কৰে । এই সময়ছোৱাত ছাত্ৰজনক অসমীয়া মুছলিম পৰিষদৰ সম্পাদক আল্টাফ হুচেইন বৰাই আদৰণি জনোৱাৰ লগতে সহযোগিতাও আগবঢ়ায় । বিধেয়ক বিৰোধী আন্দোলনত আকৃষ্ট হৈ এই কাৰ্যসুচী গ্ৰহণ কৰা ছাত্ৰজনে সুধাকন্ঠৰ জাতীয় চেতনাৰে উদ্বুদ্ধ সৃষ্টিৱৰাজিৰে প্ৰতি ৰাইজৰ দৃষ্টি অধিক আকৰ্ষণ কৰাৰ বাবে এই লক্ষ্যস্থান বাচি লয় ।