গুৱাহাটী,সংবাদ৩৬৫,৮মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত তেজস্বীনী নামৰ এটি মহিলা গোটে শুকুৰবাৰে এটা অনুষ্ঠানৰ আয়োজন কৰে।
উক্ত অনুষ্ঠানত মহিলাসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আলোকপাত কৰা হয়। এই বিষয়ত আলোচনা কৰিবলৈ আয়ুৰসুন্দ্রা হাস্পতালৰ দুগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে।
আনহাতে, সমাজৰ হকে কাম কৰি অহা দুজন ব্যক্তি ক্ৰমে শিখা বৰুৱা আৰু গৰীবৰ বন্ধু বিৰাজ হাজৰিকাকো আমন্ত্ৰণ কৰি সম্বৰ্ধনা জনায় মহিলা গোটটোৱে।
মহিলাসকল সৌন্দৰ্য প্রিয় কিন্তু সময়ৰ নাটনিত তেওঁলোকে নিজৰ সৌন্দৰ্যচর্চা কৰিব নোৱাৰে বুলি এটা ক্ষোভ থাকে । কেৱল বাহ্যিক সৌন্দৰ্যই নহয়,আভ্যন্তৰীণভাৱেও যে মহিলাসকল শক্তিশালী হব লাগিব সেই দিশটোৰ ওপৰতো তেওঁলোকে আলোকপাত কৰি তেজস্বীনী অন্যন্যা শীৰ্ষক এখন প্ৰতিযোগীতাৰো আয়োজন কৰে।
উক্ত প্ৰতিযোগিতাত কুইজ,সাঁথৰ আদিৰ প্ৰতিযোগিতা পতা হয়।
আনহাতে, গৰীবৰ বন্ধু বিৰাজ হাজৰিকাই সমগ্ৰ দেশবাসীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই সংবাদ মাধ্যমৰ আগত কয় যে দিনক দিনে নাৰীৰ ওপৰত অত্যাচাৰ বাঢ়িছে,নাৰীক হত্যা কৰা হৈছে। কেইদিনমান আগতে মোৰ ভন্টীকো হত্যা কৰা হৈছিল। গতিকে নাৰী সকল সুৰক্ষিত হৈ থাকক তাৰে আশা কৰোঁ।
উল্লেখযোগ্য যে তেজস্বীনী নামৰ মহিলা গোটটোৱে বিভিন্ন সময়ত বিভিন্ন জিলাত অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। কেৱল নাৰী দিৱস বুলিয়েই নহয় তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ আহিছে।