গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ সন্মুখত জনসাধাৰণৰ কিছুমান জ্বলন্ত সমস্যাক লৈ আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই (এম)কামৰূপ মহানগৰ জিলা কমিটিয়ে এটা বিক্ষোভ সমাবেশৰ কাৰ্যসূচী গ্ৰহণ কৰে।

তেওঁলোকৰ কয় যে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ কামৰূপ মহানগৰ জিলাখনৰ সাধাৰণ ৰাইজ এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আহিছে। চৰকাৰ পৰিবৰ্তন হৈছে যদিও সমস্যাৰ পৰিবৰ্তন হোৱা নাই। গুৱাহাটীৰ দুই তৃতীয়াংশৰ অধিক লোক প্রয়োজনীয় খোৱা পানীৰ পৰা বঞ্চিত হৈ অহাৰ লগতে ব্যক্তিগত খণ্ডৰ পানী চৰা দামত কিনিব লগা হৈছে ।

ইফালে গুৱাহাটীৰ ১৬৩ তা বস্তি অঞ্চল থকা সত্বেও এইবোৰ অধিসূচীত হোৱা নাই। গুৱাহাটীক আৱৰি ধৰা ১৮ খন পাহাৰত লক্ষাধিক লোকে বসবাস কৰিবলৈ বাধ্য হৈছে।

আনহাতে, তীব্ৰ যান-জঁট আৰু কৃত্ৰিম বানপানীত মহানগৰীৰ জুৰুলা হৈ আছে যদিও এইবোৰ সমাধানৰ বাবে কোনো কার্যকাৰী পন্থা চৰকাৰে হাতত লোৱা নাই। লখৰা, বশিষ্ঠ চাৰিআলি , ভৰলু আদিত ফ্লাই অভাৰৰ প্ৰয়োজন হোৱা স্বত্তেও বৰ্তমানলৈকে কার্যকৰী হোৱা নাই।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীতিৰ ফলত কৰ্মসংস্থাপনৰ অভূতপূৰ্ব সংকটে দেখা দিছে। নিবনুৱা সমস্যাই বিস্ফোৰক ৰূপ লৈছে।

এইবোৰৰ পৰিপ্ৰেক্ষিতত চৰকাৰক ওপৰোক্ত সমস্যাসমূহৰ বিষয়ে নিৰ্দিষ্ট ব্যৱস্থাৱলী কাৰ্য্যকৰী কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত এখন স্মাৰক পত্ৰৰ যোগেদি দাবী কৰে চি পি আই (এম) দলে।