গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : অগপৰ তৃণমূল কৰ্মী, বিভিন্ন পৰ্যায়ৰ বিষয় ববীয়াসকল একত্ৰিত হৈ অসমৰ খিলঞ্জীয়া সত্তাক মজবুত কৰাৰ সম্পৰ্কত দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।

তৃণমূলৰ দলীয় সদস্য আৰু অসমৰ খিলঞ্জীয়া ৰাইজৰ দলটোৰ প্ৰতি থকা আন্তৰিকতা, বিশ্বাস আৰু মৰমৰ ওপৰত ভিত্তি কৰি জনসাধাৰণৰ মাজুলী দলক পুনৰ ঘূৰাই অনাৰ বাবে তৃণমূল পৰ্যায়ৰ অগপ কৰ্মী আৰু দলৰ বিষয়ববীয়াই সংবাদমেলৰ জৰিয়তে অনুৰোধ কৰে।

সংবাদমেলত অশ্বিন কুমাৰ মহন্তই কয় যে “বিজেপিৰ সৈতে মিতিৰালী কৰা কোনো নেতাকে নামানে তৃণমূল কৰ্মীয়ে। দলৰ বৃহত্তৰ স্বাৰ্থত অগপক পুনৰ উদ্ধাৰ কৰিব তৃণমূল কৰ্মীয়ে।

আনহাতে, কুমাৰ দীপক দাসলৈ প্ৰশ্ন অশ্বিন কুমাৰ মহন্তৰ দীপক দাসৰ অকলে নিৰ্বাচন খেলাৰ সাহস নাই নেকি?

ইফালে অহা ৭ এপ্ৰিলত গনেশ উদ্যান প্ৰাংগণত একত্ৰিত হব শতাধিক অগপ ৰ তৃণমূল কৰ্মী। দলৰ সংবিধান অগপ কেইজনমান নেতৃত্বই মনা নাই। গতিকে অগপৰ তৃণমূল কৰ্মীয়েও নামানে দলৰ সংবিধান। অগপৰ অস্তিত্ব বিপন্ন হব দিয়া নহয় – এনেদৰে কয় মহন্তই ।

মহন্তই আৰু কয় “অসমৰ সকলো স্তৰৰ বৰ্ণ, ধৰ্ম ভাষা, জাতিৰ উৰ্দ্ধত থাকি জনসাধাৰণৰ অশেষ কষ্ট আৰু ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম গণ পৰিষদৰ জন্ম হৈছিল। আমি বিজেপিৰ সৈতে মিত্ৰতা কৰা নেতাসকলক কোনোপধ্যেই মানি নলও। তেওঁলোকৰ সিদ্ধান্ত অগপ দলৰ সিদ্ধান্ত নহয়।”

ইপিনে জাতিদ্রোহী ব্যক্তিৰ ব্যক্তিগত সম্পত্তি বা কোম্পানীৰ হাতৰ মুঠিৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ বাবে অগপ কৰ্মী বা সুভাকাংক্ষিক উক্ত দিনটোত একত্ৰিত কৰা হব বুলিও সংবাদমেলত অশ্বিন মহন্তই কয়।

তদুপৰি, বলিস্থ আঞ্চলিকতাবাদৰ পোষকতা কৰি এক শক্তিশালী অসমৰ, সমূহ ৰাইজৰ বিশ্বাস আৰু আদৰৰ দললৈ ৰূপান্তৰ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণভাবে, সংবাদমেলত উচুপি উঠে মহন্তই।

উল্লেখযোগ্য যে, অগপ ই ২০১৬ চনত বিজেপিৰে মিত্ৰতা কৰাৰ বাবে সাময়িকভাৱে দলৰ পৰা পদত্যাগ কৰিছিল মহন্তই। তাৰ পাছতে বিলাসিপাৰা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল মহন্তই।

সংবাদমেলত উপস্থিত থাকে অৰূপ বৰা, দেৱৰো কৈৰী, ডঃ অশ্বিন কুমাৰ মহন্ত, স্বৰস্বতী দাস,দীপ্তি শৰ্মা, ৰিংকু তালুকদাৰ, অবিনাশ বৰঠাকুৰ, জাহিদূৰ ৰহমান,নিৰ্মল কুমাৰ শইকীয়া, ৰাজু মহন্ত, অজিত দত্ত।