পাঠশালা, সংবাদ ৩৬৫, ১২ এপ্ৰিল : পাঠশালা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চলোৱা এক অভিযানৰ অন্তত বৃহস্পতিবাৰে পাঠশালা ষ্টেট বেংকৰ পৰা তিনি গৰাকী ইৰানী গোটৰ দুৰ্ধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয় l

প্ৰাপ্ত ঘটনা অনুসৰি বিগত মাহৰ লগতে বিভিন্ন সময়ত পাঠশালা ত ষ্টেট বেংক ৰ গ্ৰাহক অাৰু বন্ধন বেংক ৰ কৰ্মছাৰী ক লক্ষ্য কৰি লাখ লাখ টকা পিস্তল দেখুৱাই অথবা চলন্ত বাইকেৰে কাঢ়ি নি ডকাইতি কাৰ্য্য সংঘটিত কৰি আহিছিল l এনে ডকাইতি ঘটনাৰ চি চি টিভি ফুটেজ লাভ কৰি আৰক্ষী এ অভিযান অব্যাহত ৰাখিছিল l তাৰেই পৰিণতিত বৃহস্পতিবাৰে পাঠশালা আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ বেশত জাল পাতি শুকুৰবাৰে ইৰানী গোটৰ তিনি দুৰ্ধৰ্ষ ডকাইত ক্ৰমে বিহাৰৰ চিন্তু সিং আৰু কোচবিহাৰৰ দীপক সিঙ অাৰু জুগনু গোৱালাক হাতে – লোটে আটক কৰিবলৈ সক্ষম হয় l

অভিযানত আৰক্ষীয়ে ডকাইতি কাৰ্য্যত ব্যবহৃত এখন চুৰি পালচাৰ ২২০ বাইক ( জে এইচ ১৫ আৰ – ৯২৮১) সঃহ বাইক চুৰি কৰিৱ পৰা কিছু সামগ্ৰী অাৰু বান্দৰ কেঁকোৱাৰ কেইটামান পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় l

বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰাই জানিবলৈ দিয়া মতে ইৰানী গোটৰ এই পৰিসৰ ব্যাপক অাৰু এই গোটৰ নামনি অসম জুৰি নেটৱৰ্ক অাছে l সম্প্ৰতি এটা বৃহৎ ডকাইতৰ দলে বৰপেটা ৰোডত বাঁহৰ পাতি জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক লুণ্ঠন কাৰ্য্য অব্যাহত ৰাখিছিল l

সম্প্ৰতি কেইবাজনো ডকাইত অাজি পলাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে l উল্লেখযোগ্য যে সঘনাই এই ডকাইতি কাৰ্য্যত ব্যৱহাৰ হোৱা পিস্তল অাৰু ডকাইতি গেঙ বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে l