দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : দক্ষিণ কামৰূপৰ মিৰ্জাত উদযাপন বাসন্তী পূজা । মিৰ্জাৰ মনপুৰস্থিত শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰত বৃহস্পতিবাৰৰ পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে মা বাসন্তী দেৱীৰ পূজা । সেয়ে শনিবাৰে মহাঅষ্টমী উপলক্ষে দেৱীৰ চৰণত আশীষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ লানি-নিছিগা সোঁত বোৱা দেখা গৈছে ।
ধূপ- ধূনা, চাকি-বন্তি জ্বলাই মনৰ কামনা পুৰণৰ বাবে মাৰ আশীৰ্বাদ ল’লে দেখা গ’ল ভক্তই । ৭ খন গাঁৱৰ ৰাইজে একলগ লাগি এই পূজাখন পৰম্পৰা অনুসৰি উদযাপিত কৰি আহিছে । পৰম্পৰা অনুসৰি উদযাপিত হৈ অহা এই বাসন্তী পূজা এইবাৰ ৯২ তম বৰ্ষত ভৰি দিছে ।