নগাঁও, সংবাদ ৩৬৫, ১২ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটা দিন বাকী থকাৰ প্ৰাক মহুৰ্তত শনিবাৰৰ সন্ধ্যা নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত জেষ্ঠ নাগৰিক সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত নগাঁৱৰ জেষ্ঠ নাগৰিক ৰঞ্জিত তামুলী ফুকনে ভাগ লৈ কয়, আগতে নগাঁৱত কিবা এটা অনুষ্ঠান গঢ় লৈ উঠাৰ কথা উলালে অৱশেষত হয়গৈ তেজপুৰ নাইবা যোৰহাটত।

ফুকনে নগাঁৱৰ বিভিন্ন সমস্যাৰ এক বিৱৰণ দাঙি ধৰি নগাঁৱত এটা বিমান কোঠ, ইঞ্জিনিয়াৰিং কলেজ, নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত আই চি ইউ স্থাপন কৰাৰ দাবী জনায়। লগতে তেওঁ কয়, বিগত কংগ্ৰেছ চৰকাৰৰ শেষৰ ফালে বিশেষকৈ নগাঁও চহৰখন এক বিধস্ত ৰূপ ধাৰণ কৰিছিল। আনকি, সমগ্ৰ চহৰখনতে চোৰ-ডকাইতে ভৰি পৰিছিল। কেতিয়াবা চোৰ ধৰা পৰিলেও কাৰোবাৰ নিৰ্দেশত মুকলি হৈ গৈছিল।

আনহাতে, তেওঁ ৰূপক শৰ্মাক প্ৰশংসা কৰি তামুলীয়ে আৰু কয়, শৰ্মা এগৰাকী এগৰাকী একানপতীয়া ব্যক্তি। তেওঁৰ প্ৰচেষ্টাত “ৰূমী ৰূপক” এখন অসমৰ এটা বৃহৎ অনুষ্ঠান হৈ গঢ় লৈ উঠিছে।

ইয়াৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, ” নগাঁও হ’ল অসমৰ এখন ঐতিহাসিক জিলা। ৰাজ্যৰ আৰ্থ সামাজিক বিকাশত নগাঁৱৰ এক গুৰুত্বপূৰ্ণ ভুমিকা আছে। মুখ্যমন্ত্ৰীয়ে নগাঁওখন এখন মহান মনিষীৰ জিলা বুলি উল্লেখ কৰি সোনোৱাল কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান এই খন জিলা এখন আধ্যাত্মিক ভাৱাপন্ন জিলা। এইখন জিলাত আপোনালোক জন্ম লবলৈ পাই নিশ্চয়কৈ সোভাগ্যৱান। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থকা এইখন জিলাক এখন সুন্দৰ জিলা হিচাপে গঢ় দিয়াৰ দায়িত্ব আপোনাক আছে। স্বাধীনতাৰ ৭০ বছৰত ভাৰতৰ স্থান কেনে অতি পোতৌজনক আছিল বুলি উল্লেখ তেওঁ লগতে কয়, কংগ্ৰেছে ৬০ বছল দেশৰ শাসনৰ গাদীত থাকি অসমখনক বহু পিছুৱাই নিলে। এটা সময়ত এইখন অসমৰ পৃথিৱীৰ বুকুত এখন গুৰুত্বপূৰ্ণ ভুমিকা আছিল। যাৰ বাবে ইংৰাজ সকলে অসমত চাহ উদ্যোগকে বানিজ্য কেন্দ্ৰ হিচাপে গঢ়ি দিছিল। এইদৰে পৃথিৱীৰ বুকুত অসমৰ সম্ভাৱনা অধিক আছিল যদিও স্বাধীনত্তোৰ কালত হঠাৎ ইয়াৰ গুৰুত্ব হেৰাই লগ।” এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক জগৰীয়া কৰে। এতিয়া এইকথাবোৰ সকলোৱে অনুধাৱন কৰা উচিত।

ইয়াৰোপৰি সোনোৱাল নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰি কয়, বহু তপস্যাৰ অন্তত আমি নৰেন্দ্ৰ মোদীক এগৰাকী বহল মনৰ প্ৰধানমন্ত্ৰী পাইছোঁ। তেওঁয়েই প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী যিজনে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খবৰ সঘনাই লয়। জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি কোনো প্ৰধানমন্ত্ৰী কিন্তু এই অঞ্চলৰ খবৰ লোৱা নাছিল। মোদীয়ে আন দেশতো গৈ অসমৰ কথা কয়, অসমক লৈ গৌৰৱ কৰে। আনকি নৰেন্দ্ৰ মোদীয়ে সকলো কেন্দ্ৰীয় মন্ত্ৰীক প্ৰতি মাহত উত্তৰ পূৰ্বাঞ্চলৰ যাবলৈ নিৰ্দেশ দিছিল। আগত প্ৰধানমন্ত্ৰী আহিলে এনেকুৱা নিৰ্দেশ দিয়াৰ কথা শুনা নাছিল বুলি উল্লেখ কৰি সোনোৱালে কয়, আগতে অসমত প্ৰধানমন্ত্ৰী আহিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি অহাৰ দৰে আহিছিল। এতিয়া কিন্তু সেইবোৰ নাই। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত পাচটা বছৰত ২৭ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ আহিছে।

তেওঁ আৰু কয় অসমখন উন্নতিৰ জখলাত আগবাঢ়িবলৈ হলে এতিয়াই এটা পুৰ্ণ সুযোগ যে আমি সকলোৱে মিলি নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। কাৰণ প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় সমন্বয় গঢ় দিয়াৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাৰ বাহিৰে আন কোনো ৰাস্তা নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে পৃথিৱীৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ৰ স্বাৰ্থত এই কাম আমি কৰিব লাগিব।

ইফালে ৫০ হাজাৰ কোটি টকা ইতিমধ্যে বিদেশী বিনিয়োগ কাৰীয়ে অসমত বিনিয়োগ কৰিছে বুলি উল্লেখ কৰি সোনোৱালে কয় ,ইয়াৰ দ্বাৰা অসমীয়া ডেকা শক্তিৰ নিয়োজনৰ ক্ষেত্ৰত মনোবল বৃদ্ধি কৰিলে। নগাঁও চহৰক স্মাৰ্ট চহৰ হিচাপে নিৰ্মাণ আশ্বাস প্ৰদান কৰি নগাঁৱৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ৰূপক শৰ্মাক ভোট দিবলৈ আহ্বান জনায়।