নগাঁও, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ হৈ ৰহাত প্ৰচাৰ চলাই বিজেপিক ক্ষুৰধাৰ সমালোচনা তৰুণ গগৈৰ।

সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় “সৰ্বানন্দ আৰু হিমন্তই অসমৰ দায়িত্ব লোৱাৰ পিছত অসম ধ্বংসৰ পিনে গতি কৰিছে। বিদেশী আনিবলৈ ৰূপক শৰ্মা দিল্লীলৈ যাব ওলাইছে। আমি নিদিওঁ । ২৩ তাৰিখৰ পিছত পদুম একেবাৰে মৰহি যাব। আমি পদুম ফুলিব নিদিওঁ। সোণোৱাল ছাত্ৰ নেতা আছিল। বিদেশী খেদা আন্দোলন কৰিছিল কিন্তু আজি শ্বহীদক অপমান কৰিছে। তেওঁলোকে অসমক ত্ৰিপুৰা কৰিব খুজিছে। হিমন্তৰ লাচিতৰ নাম লবলৈ নৈতিক অধিকাৰ নাই। হিমন্তক বদনৰ বংশৰ বুলি কলে গগৈয়ে। মোদী,অমিত শ্বাহে বহ বুলি কলে বহে উঠ বুলি কলে উঠে। এওঁলোকৰ গাত তেজ নাই, পানী আছে।”

হিমন্ত আৰু সৰ্বাক নপুংসক বুলিও আখ্যা তৰুণ গগৈৰ। বিহুৰ দিনতো বিহু নৃত্যৰ বিপৰীতে হিমন্তই কি নৃত্য কৰে । বাংলাদেশৰ নৃত্য নেকি।

বৃহত্তৰ অসমীয়া জাতি থান বান কৰিব বিচাৰিছে বিজেপিয়ে। আজি মৈমিনছিং জিলাৰ পৰা আহি অসমীয়া সংস্কৃতি গ্ৰহণ কৰা সকলক বাংলাদেশী বুলি কয় বিজেপি নেতাই। হিমন্তই বাংলাদেশ বুলি কোৱা ধুবুৰিত আগতে বিৰিয়ানি খায়।

বিজেপিয়ে ডিঙিত গামোচা লৈ জাতি ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে। বদৰুদ্দিন আজমলৰ নাম পাহৰিলে তৰুণ গগৈয়ে। আজমল ,ৰকিবুল ভাৰতীয় নহয় বুলি কয় বিজেপিয়ে।এতিয়া হিমন্তইয়ো মোক গালি পাৰে পিয়ুষ হাজৰিকাও মোক গালি পাৰে। হিমন্তৰ বেমাৰ হওঁতে ৰকিবুলৰ পৰা তেজ লৈছিল। তেতিয়া হিন্দু মুছলমান নাছিল, এতিয়া হিন্দু মুছলমান কিয়।

ৰহাত এইমছ হোৱাটো আমিও বিচাৰিছিলোঁ। অসমীয়াক ঠগিলে ,হিন্দু বঙালীকো ঠগিলে। বিজেপি এটা ঠগবাজ দল।’

ইপিনে বদৰুদ্দিন আজমলে বিজেপি চৰকাৰ আহিলে মুছলমানক গাহৰি মাংস খুৱাব বুলি কোৱাৰ প্ৰসংগত তৰুণ গগৈয়ে কয় বদৰুদ্দিনে ঠিকেই কৈছে।