দক্ষিণ শালমাৰা, সংবাদ ৩৬৫,২৫ এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰে ধুবুৰীৰ ভাৰত বাংলাদেশ উন্মুক্ত সীমান্ত কটকটীয়া কৰি তোলাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে নিৰ্বাচনৰ পূৰ্বে ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ জিলাত ইজৰাইল পদ্ধতিৰ স্মাৰ্ট ফ্রেন্সিং ব্যৱস্থা কৰিছিল। কিন্তু চৰকাৰৰ এই স্মাৰ্ট ফ্রেন্সিংক বুঢ়া আঙুলি দেখুৱাই এগৰাকী বাংলাদেশী নাগৰিক কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি প্ৰৱেশ কৰিলে ভাৰতলৈ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা ভাৰত বাংলাদেশ সীমান্তৰ দিপচৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বুধবাৰে এগৰাকী বাংলাদেশী অবৈধভাৱে প্ৰৱেশ কৰে ভাৰতলৈ। ছাইজুদ্দিন হক (৩১) নামৰ বাংলাদেশী জনৰ ঘৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ ইদুলা কান্ধি গাঁৱৰ বাসিন্ধা।

বাংলাদেশীৰ ব্যক্তিজনে বি এছ এফৰ চকুত ধূলি দি এইদৰে ভাৰতলৈ প্ৰৱেশ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অধীনস্থ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ কানাইমাৰা গাঁৱত আব্দুল আজিজ নামৰ লোক জনৰ ঘৰত আশ্ৰয় লয়।

এই খবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত জানিব পাৰি খাৰুৱাবান্ধা আৰক্ষী আব্দুল আজিজৰ ঘৰৰ পৰা আজিজ সহ বাংলাদেশী জনক আটক কৰি থানালৈ আনে।

ইতিমধ্যে আৰক্ষীয়ে বাংলাদেশীৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে নিজৰ ঘৰত আশ্ৰয় দিয়া আজিজক আটক কৰি আৰক্ষীয়ে জেৰা চলাই আছে। কি কাৰণত বাংলাদেশী লোকজন এইদৰে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি আহিছিল সেয়া এতিয়ালৈ জানিব পৰা নাই যদিও আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব সমগ্র ঘটনা।