নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : সকলোৰে নিশ্চয় মনত আছে অসম আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত নিহত হোৱা ৫ জনকৈ আলফা সদস্যক একেখন চিতাতে ন্যূনতম মানৱতা নোহোৱাকৈ টায়াৰ, কেৰাছিনেৰে এজনৰ ওপৰত এজনকৈ জাপি জ্বলাই দিয়া হৈছিল । শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি আত্মসমৰ্পণ কৰিব খোজা কেইবাজনো আলফা সদস্যক হত্যা কৰি একেটা গাঁততে পুতি থৈছিল। শিবিৰ এৰি পলায়ন কৰিব খোজা বাবে সতীৰ্থক হত্যা কৰিলে আলফা ( স্বাধীন )য়ে। শেহতীয়াকৈ সেনাৰ জালত পৰা আলফাৰ কেডাৰ নিবিড় অসম ওৰফে মৃদুল মহন্তই জেৰাত স্বীকাৰ কৰিছে এই কথা ।

প্ৰাপ্ত খবৰ অনুসৰি কাকপথাৰৰ ৭ জন যুৱকে ২০১২ চনত আলফাত যোগদান কৰিছিল । পাছত ২০১৫ চনত ম্যানমাৰৰ শিবিৰৰ পৰা পলায়ন কৰিবলৈ লওঁতে আলফা সদস্যই তেওঁলোকক আটক কৰে আৰু প্রায় ৩ মাহ ধৰি জেৰা কৰে আৰু অৱশেষত জেৰাত গোটেই কেইজন দোষী সাব্যস্ত হৈছিল। ইফালে আত্মসমৰ্পণকাৰী আলফা সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত দুই আলফাৰ পৰিয়ালে তিনিদিনীয়া তিলনি সম্পন্ন কৰে । এইদৰে নিজৰে সদস্যক আলফা নেতৃবৃন্দই হত্যা কৰি গাঁতত পুতি থোৱা আজিৰ নতুন কথা নহয়।

আগৰে পৰা সংগঠনটোৱে একেধৰণৰ পন্থা অৱলম্বন কৰি আহিছে। ৮০ৰ দশকতো আলফা নেতৃবৃন্দই নিজ সদস্যক হত্যা কৰি গাঁতত পুতি থৈছিল । ৰাতুল কটকী যি পৰেশ বৰুৱাৰ পাছতেই অসমৰ চেকেণ্ড-ইন-কামাণ্ড হিচাপে পৰিচিত আছিল তেওঁকো নিজ নেতৃবৃন্দই হত্যা কৰিছিল আৰু পাছত হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল সংগঠনটোৱে ।

একেদৰে বাংলাদেশৰ আলফাৰ চেৰপুৰ কেম্পত ২০০৪ চনৰ উৰুকা দিনা মূৰত গুলীয়াই হত্যা কৰি গাঁতত পুতি থৈছিল নগাঁওৰ আলফা নেতা হিমৰাজ পঞ্চাননক । তেখেতৰ দোষ আছিল নিজৰ দায়িত্বৰ মাজতে এগৰাকী খাচীয়া যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক, যিটো আলফাৰ ঊৰ্ধতম বিষয়াৰ অনুমতি নাছিল।

আনহাতে, এটা সুখী পৰিয়ালৰ সৈতে জীৱন অতিবাহিত কৰা, লেখিকা হিচাপে সুনাম কঢ়িয়াই অনা জাহ্নৱী মহন্ত অসমে নিজ সংসাৰ, চাকৰি, লেখা-মেলাৰ জীৱন ত্যাগ কৰি আলফাত যোগদান কৰিছিল। কেইবাটাও কবিতা, গীতেৰে সংগঠনটোৰ সাংস্কৃতিক দিশটো শক্তিশালী কৰি তুলিছিল কিন্তু তেখেতো বেছি দিন টিকি থাকিব নোৱাৰিলে সংগঠনটোত। ২ জন আত্মসমৰ্পণকাৰী আলফা সদস্যই স্বীকাৰোক্তি দিলে যে তেখেতক হত্যা কৰা হৈছে। তেতিয়ালৈকে সংগঠনৰ ফালৰ পৰা জাহ্নৱী মহন্ত ৰাজকোঁৱৰৰ হত্যাৰ সম্পৰ্কত কোনো বিবৃত্তি দিয়া নাছিল আৰু পৰিয়ালকো একো জনোৱা নাছিল। আত্মসমৰ্পণকাৰী উক্ত সদস্য দুজনৰ স্বীকাৰোক্তিৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত আলফাৰ ফালৰ পৰা বিবৃত্তি দিয়া হল যে জাহ্নৱী মহন্ত এক দুৰ্ঘটনাত মৃত্যু হৈছে । কিন্তু কি দুৰ্ঘটনা তাক স্পষ্টকৈ জনোৱা নগ’ল । আলফাৰ আনুষ্ঠানিক বিবৃত্তিৰ পাছতেই সংবাদ মাধ্যম টাইমছ অফ আচ্ছামৰ সম্পাদকৰ সৈতে হোৱা এক বাৰ্তালাপত আলফাৰ সহকাৰী তথ্য প্ৰচাৰ সচিব অৰুনোদয় অসমে কয় যে জাহ্নৱী অসমৰ ভালদৰে প্ৰটিন জাতীয় খাদ্য গ্ৰহণ কৰিবলৈ নোপোৱাৰ ফলত এক অচিন ৰোগত মৃত্যু হয়।

জাহ্নৱী মহন্তৰ মৃত্যুৰ ক্ষেত্ৰত তিনিটাকৈ ভাষ্য আলফাৰ । আত্মসমৰ্পনকাৰী, আলফাৰ আনুষ্ঠানিক বিবৃত্তি আৰু সংবাদ মাধ্যমৰ সম্পাদকৰ সৈতে হোৱা সহকাৰী প্ৰচাৰ সচিবৰ বাৰ্তালাপ । কিন্তু এই সকলো আনুষ্ঠানিক বা অনানুষ্ঠানিক সকলো বিবৃত্তি পোহৰলৈ আহিল আত্মসমৰ্পনকাৰী আলফাৰ স্বীকাৰুক্তিৰ পাছতহে। জাহ্নৱীৰ পৰিয়ালে আজিও নাজানিলে তেওঁৰ মৃত্যুৰ ৰহস্য।

জাহ্নৱী অসমৰ পিছতে পাৰ্থ গগৈ ওৰফে পাৰ্থ অসমকো হত্যা কৰি পৰিয়ালৰ লোকে পাব পৰাকৈ তেখেতৰ মৃতদেহ অসম-নাগালেণ্ড সীমান্তত থৈ যোৱা হ’ল । সংগঠনৰ বিত্তীয় খেলি মেলিৰ বাবে তেখেতক হত্যা কৰা হৈছিল বুলি কোৱা হৈছিল যদিও পাছত পৰেশ বৰুৱাই বিবৃত্তি দিছিল যে পাৰ্থ অসমে লগত আৰু আন সতীৰ্থ লৈ আত্মসমৰ্পন কৰিব ওলাইছিল যাৰ বাবে তেখেতক মৃত্যুদণ্ড দিয়া হ’ল।

এতিয়া এটা প্রশ্নই মনলৈ আহে যে আত্মসমৰ্পণ ইমান ডাঙৰ অপৰাধ নে ? কেতিয়াও কোনেও আত্মসমৰ্পণ কৰা নাই নেকি? আত্মসমৰ্পণ কৰিব খুজিলেই কিয় নিজৰে সদস্যক বৰ্বৰভাৱে হত্যা কৰা হয়? আত্মসমর্পণ যদি অপৰাধেই হয় তেনেহলে কিয় সংগঠন ত্যাগ কৰি আত্মসমৰ্পণ কৰিব খোজা আলফাৰ ২৮ নং বেটেলিয়নৰ কামাণ্ডাৰ আৰু দ্বিতীয়জন যুটীয়া উপমুখ্য সেনাধক্ষ্য বিজয় দাসক কিয় সন্মান সহকাৰে অৰুনোদয় অসমে নিজেই গতাই থৈ আহিছিল সেনা আৰক্ষীৰ ওচৰত।

কিয় আত্মসমর্পণ বা সংগঠনৰ পৰা সদস্যই পলায়ন কৰিব খোজে ? যিসকলে আত্মসমৰ্পণ কৰিছে, যাক হত্যা কৰা হৈছে তেওঁলোকেওতো এখন স্বাধীন অসম গঢ়াৰ সপোন লৈয়ে গৈছিল। কিন্তু কি কাৰণত তেওঁলোকৰ মোহভংগ ঘটিল? সেইয়া বিশ্লেষণ নকৰি যেন কেৱল মৃত্যুদণ্ডৰেই সমস্যাৰ সমাধান কৰিব বিচাৰে পৰেশ অসমে।

কাৰোবাৰ ক্ষেত্ৰত সন্মানসহকাৰে আৰু কাৰোবাৰ ক্ষেত্ৰত হত্যা , এইয়া কি ধৰণৰ নীতি পৰেশ বৰুৱাৰ ? নিজৰেই নেতা-সদস্যক হত্যা কৰি কোনখন স্বাধীন অসম গঢ়িব খুজিছে পৰেশ অসমে। এইবোৰৰ উত্তৰ কেৱল পৰেশ বৰুৱাৰ ওচৰত।