গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : মঙ্গলবাৰে গুৱাহাটী মহানগৰীত সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাই এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত তেওঁলোকে উল্লেখ কৰে যে অসমৰ কৈৱৰ্ত, বণিয়াসকলক চৰকাৰে কেৱল শোষণ আৰু বঞ্চনাহে কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আওৰাই থকা বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ – ভৈয়াম সকলো বৰ্ণ-শ্ৰেণী মানুহক সম মৰ্যাদা সেইয়া কেৱল ৰাজনীতিহে ।

অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ কৈৱৰ্ত, বণিয়া, সূত্ৰধৰসকলক বাদ দি অসমৰ সমাজ জীৱন আৰু অসমীয়া ধাৰণা অমূলক। তেনেস্থলত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই চকু মুদি মন্ত্ৰীত্ব চলাইছে নেকি বুলিও প্ৰশ্ন কৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই।

সংবাদমেলৰ যোগেদি চৰকাৰক তীব্ৰ গৰিহণা দি সকীয়নী দি অনুসূচীত জাতি ছাত্ৰ সন্থাই কয় যে যদিহে চৰকাৰে অসমৰ সমাজ জীৱনৰ পৰা কৈৱৰ্ত, বণিয়া, হীৰা, নমুশূদ্ৰ, মালী, সূত্ৰধৰসকলক মচি পেলোৱাৰ অপচেষ্টা কৰিছে ইয়াৰ বাবে চৰকাৰক নিন্দা কৰিছোঁ আৰু চৰকাৰৰ বিৰুদ্ধে ১০ লাখ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে আন্দোলন গঢ়ি তোলা হব।

অসমৰ অনুসূচীত জাতিৰ ৰাইজক আহ্বান জনায় কয় যে আমাৰ চহকী জাতি নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰিছে তাৰ প্ৰতিবাদ হিচাপে বিষয়া-কৰ্মচাৰী, সংস্কৃতিৰ কলা-কৌশলী, ব্যৱসায়-বাণিজ্য, বনুৱা-বিদ্যাৰ্থী সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত ক’লা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অহা ১৫ মে’ত উক্ত বিষয়টোৰ বিৰুদ্ধে এক বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই।