গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মে’ : গুৱাহাটী মহানগৰীৰ আগশাৰীৰ চৰকাৰী মহাবিদ্যালয় কে চি দাস কমাৰ্চ কলেজে আজুৰি আনিলে শীর্ষ ৬টা স্থান। শীর্ষ ১০ টা স্থানৰ ভিতৰত ক্ৰমে দ্বিতীয়, সপ্তম, অষ্টম আৰু দশম স্থান লাভ কৰিবলৈ সক্ষম হয় মহাবিদ্যালয়খনৰ ৬ গৰাকীকৈ ছাত্ৰীয়ে।

মহাবিদ্যালয়খনৰ আয়ুশী জৈনে অসমৰ ভিতৰত বাণিজ্য শাখাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আয়ুশী জৈনে। আয়ুশী জৈনে লাভ কৰিবলৈ সক্ষম হয় সৰ্বমুঠ ৪৬৮ নম্বৰ।

অসমৰ ভিতৰত সপ্তম স্থান দখল কৰে হানিচিকা চাওলাই । হানিচিকাৰ মুঠ নম্বৰ ৪৫৮ । লগতে দিশা জৈনে ৪৫৭ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে মহাবিদ্যালয়খনৰ দিশা জৈনে ।

একেদৰে মুঠ ৪৫৪ নম্বৰ লাভ কৰি দশম স্থানত আছে মহাবিদ্যালয়খনৰ ক্ৰমে মুছকান পাচিছিয়া, জাগৰুতি চেঠীয়া আৰু ঈষিকা আগৰৱাল।

মহাবিদ্যালয় খনৰ পৰা চলিত বৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ৩১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় ৩০৮ গৰাকী ছাত্ৰ-ছাত্ৰী । উত্তীৰ্ণ হোৱা ৩০৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১২৫ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰী , ২৪৬ গৰাকীয়ে প্ৰথম বিভাগ , দ্বিতীয় আৰু তৃতীয় বিভাগত ক্ৰমে ৪১ আৰু ২১ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।