গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মে ‘ : দেশৰ জনসাধাৰণক নানান কূট-কৌশলেৰে সন্মোহিত কৰি কিছুমান আঁচনিৰ ৰূপায়ণেৰে ক্ষমতা দখল কৰিলে যদিও তেওঁলোকৰ জনগণ বিৰোধী কামৰ ওপৰত ৰাইজে নজৰ দিব লাগিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সকলো কৌশল বাঞ্চাল কৰিবলৈ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ সাজু থাকিব । বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিজয়ক স্বীকাৰ কৰি নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই আজি আয়োজন কৰা এক সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত মঞ্চই কয় যে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলে অসংখ্য গণতান্ত্ৰিক আৰু অসমপ্ৰেমী মানুহক বিমূঢ় কৰিছে। কিন্তু এই ফলাফলৰ বাস্তৱ কাৰণসমূহ বিচাৰ কৰি ফঁহিয়াই ভৱিষ্যতৰ বাবে সাজু হোৱাই এতিয়া সজাগ নাগৰিকৰ একমাত্ৰ পথ।

ইয়াৰোপৰি ,মোডী, বিজেপিৰ বন্ধু কৰ্পৰেট মালিক গোষ্ঠীৰ হাতত থকা টিভি আদি প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে বিজেপিৰ অজস্ৰ বেতনভোগী প্ৰচাৰকৰ সঁচা-মিছা কথাৰ প্ৰচাৰে ক্ষন্তেকীয়া, আবেগিক বুৰবুৰণিৰে জনসাধাৰণক মোহগ্ৰস্ত কৰিলে আৰু ইয়াৰ পৰিণাম আগন্তুক দিনত ৰাইজে ভুগিব লাগিব বুলিও মঞ্চই কয়।

আনহাতে, শাসনাধিষ্ঠিত দলে প্ৰচলিত আইন-কানুন অগ্ৰাহ্য কৰি চৰকাৰী ক্ষমতা নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

মঞ্চই আৰু কয় যে চাৰিওফালে আওকাণ কৰা নানান জন কল্যাণমূলক আঁচনি নিৰ্বাচনৰ আগে আগে ৰূপায়ণকৰাৰ উপৰিও অভাৱগ্ৰস্ত মানুহৰ হাতে হাতে এটকীয়া চাউল, আটা, মোবাইল ফোন তুলি দি বিজেপিয়ে ৰাইজৰ সমৰ্থন আদায় কৰিলে।

নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ অহা বিজেপি দলে তেওঁলোকৰ প্ৰধান নিয়ন্ত্ৰণ আৰ এছ এছৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ফালে আগবাঢ়িব তাত কোনো সন্দেহ নাই। সাংবিধানিক গণতন্ত্ৰৰ প্ৰতি আস্থাহীন দলটোৱে সংবিধানখন এখন পেলনীয়া কাকতত পৰিণত কৰাটো ধুৰূপ। সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰতো ব্যাপক হাৰত জুলুম চলাই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টাও চলিব। সৰ্বসাধাৰণ একাংশক উচটনি দি তেওঁলোকক এনে দমনমূলক কার্যকলাপৰ সহযোগী কৰি সমাজত এক আসুৰিক হিংস্ৰ পৰিবেশ ৰচনা কৰাৰ আশংকাও আছে।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰতিৰোধ সংগ্ৰামে নিৰ্বাচনত আশা কৰা ধৰণে প্ৰভাৱ পেলাব নোৱাৰিলে বুলি প্ৰচাৰ চলোৱা বিজেপিয়ে নাগৰিকত্ব আইন সংশোধনৰ ব্যৱস্থা ললে অসমত ভাষিক আৰু ধৰ্মীয় বিভেদ তীব্ৰতৰ হব । পুনৰবাৰ ক্ষমতা লাভ কৰাৰ লগে লগে বিজেপিয়ে গ্ৰহণ কৰিবলগীয়া তেওঁলোকৰ প্ৰথম দহটা মূল বিষয়ৰ মাজত নাগৰিকত্বৰ বিষয়টোও সন্নিবিষ্ট কৰিছে যদিও মঞ্চই যিকোনো মূল্যৰ বিনিময়ত চৰকাৰৰ এনে প্ৰচেষ্টাৰ বিৰুদ্ধে জনগণক লগত লৈ প্ৰতিৰোধ গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

আনহাতে, সাংবাদিকসকলো সংবাদপত্ৰৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত উদ্যোগী হবলৈ আহ্বান জনায় মঞ্চই লগতে বিৰোধী দলসমূহে নিজৰ স্বাৰ্থ জড়িত ভেদাভেদ পাহৰি বিপদৰ সময়ত ৰাইজৰ লগত একেলগে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত জৰুৰী হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত মঞ্চই প্ৰকাশ কৰে।