নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ মে’ : ভাৰতত নতুন চৰকাৰে শপত ল’বলৈ ওলোৱাৰ পূৰ্বেই তৎপৰ হৈ পৰিছে ছুইজাৰলেণ্ড প্ৰশাসন ।ছুইজাৰলেণ্ড ছুইছ বেংকত ধন ৰখা ভাৰতীয়ৰ বিৰুদ্ধে সম্প্ৰতি কঠোৰ ছুইজাৰলেণ্ড প্ৰশাসন ।

অতি কমেও ২৫ জন ভাৰতীয় একাউণ্ট হ’ল্ডাৰলৈ নটিচ জাৰি কৰিছে ছুইজাৰলেণ্ড প্ৰশাসনে। ২১ মে’ৰ দিনাই ১১ জনলৈ জাৰি কৰা হৈছে নিৰ্দেশনা । তেওঁলোকৰ ধনৰ তথ্য কিয় গোপনীয় তাৰ কাৰণ বিচাৰিছে ছুইজাৰলেণ্ডে ।

ভাৰতীয় একাউণ্ট হ’ল্ডাৰৰ তথ্যত যদি ছুইজাৰলেণ্ডে সন্তুষ্ট নহয় তেনেহলে ছুইজাৰলেণ্ডে তথ্য দিব ভাৰতক ছুইজাৰলেণ্ডৰ বেংকতে সৰ্বাধিক ক’লা ধন জমা ৰাখিছে ভাৰতীয় লোকে।

উল্লেখযোগ্য যে ২০১৪ চনত বিজেপি চৰকাৰ গঠনৰ পাছতেই ক’লা ধনৰ বিৰুদ্ধে কঠোৰ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।