গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মে’ : বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয় কম্পিউটাৰ বিজ্ঞান বিভাগৰ সন্মুখত বিশ্ববিদ্যালয়ৰ খনৰ পৰা বি চি এ আৰু এম চি এ বিভাগতো নোহোৱা কৰিব বিচৰা বাবে ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল।

পাছত কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে ছাত্ৰ ছাত্ৰীৰ আলোচনাৰ অন্তত এক সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ আলোচনাত কটন বিশ্ববিদ্যালয়ৰ পৰা বি চি এ বিভাগ কৰ্তন নহয় বুলি সিদ্ধান্ত লোৱা হয় ৷

বৃহস্পতিবাৰে বিয়লি প্ৰকাশ পাব নামভৰ্তি প্ৰক্ৰিয়াৰ জাননী । লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক সঞ্জয় কুমাৰ দত্তই কয় যে পূৰ্বৰ সমানেই থাকিব বি চি এৰ বিভাগৰ আসনৰ সংখ্যাও ৷

উল্লেখ্য যে পূৰ্বে প্ৰকাশিত জাননীত কৰ্তন কৰা হৈছিল বিভাগটো ৷ ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ কৰি আহিছিল ৷ এনে প্ৰতিবাদৰ পাছতে কৰ্তৃপক্ষই বাহাল ৰাখিলে বিভাগটো ৷

পঞ্জীয়কে ২জুন পৰ্যন্ত অনলাইনযোগে আৱেদনৰ সুবিধা থকাৰ কথাও অৱগত কৰে ৷ ইয়াৰ উপৰিও স্নাতক শাখাৰ দুটা পাঠ্যক্ৰম ক্ৰমে ইতিহাস, ল’জীক আৰু ফিল’চফী বিষয়ত আসন বৃদ্ধি হোৱাৰ কথাও জানিবলৈ দিয়ে ৷ ১২ জুনৰ পৰা ১৪ জুনলৈকে নামভৰ্তি প্ৰক্ৰিয়া হ’ব বুলিও জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।