পলাশবাৰী, সংবাদ ৩৬৫, ৩০ মে’ : গ্লোবেল কেম্বাইন ফৰ ইডুকেচনৰ আহ্বানত যোৱা ২৪ মে’ৰ পৰা ৩১ মেলৈ চলি থকা বিশ্ব শিক্ষা সপ্তাহৰ অংশৰূপে নেচনেল কৃতালিচন ফৰ ইডুকেচন (এন চি ই)ৰ সহযোগত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মহানগৰীৰ সমীপৰ আজাৰাৰ কেওটপাৰাৰ প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসুচীৰে বিশ্ব শিক্ষা সপ্তাহ পালন কৰা হয় ।
উল্লেখ্য যে ২০০৩ চনৰ পৰা এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । এই বৰ্ষৰ মূল বিষয় “মোৰ শিক্ষা মোৰ অধিকাৰ”। এই মূল বিষয় প্ৰচাৰ আৰু বিকাশৰ উদ্দেশ্যে আগত ৰাখি অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান। উক্ত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।