গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মে’ : গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এখন চৰকাৰী বিদ্যালয়। নাম তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় । এই বিদ্যালয়খনৰ এক বিশেষত্ব আছে । এই বিশেষত্ব হ’ল অসমীয়া সমাজ জীৱনৰ পৰম্পৰাগত মেখেলা-চাদৰ পৰিধান কৰি পুৰণি পৰম্পৰা ধৰি আহিছিল বিদ্যালয়খনৰ ছাত্ৰীয়ে।
কিন্ত পৰিবৰ্তনশীল সময়ৰ লগতে বিশেষকৈ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষই ইউনিফৰ্মৰ ক্ষেত্ৰত ল’লে এক বিশেষ সিদ্ধান্ত ৷ এতিয়াৰে পৰা মেখেলা-চাদৰৰ ৰূপত দেখা পোৱা নাযাব ছাত্ৰীসকলক। নাইকিয়া হ’ব মেখেলা-চাদৰ পিন্ধা এই পৰম্পৰা ৷ তাৰ পৰিৱৰ্তে চলিত বৰ্ষৰ গ্ৰীষ্মকালীন বন্ধ খোলাৰ পাছতে বিদ্যালয়খনৰ ছাত্ৰীৰ ইউনিফৰ্ম চাদৰ মেখেলাৰ পৰিবৰ্তে হ’ব চুৰিদাৰ কামিজ ৷ কাৰণ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছিল বিদ্যালয়খনৰ ছাত্ৰীসকলে।
ইয়াৰোপৰি বিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰতো কোনো গুণেই পিছ পৰি থকা নাই। চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি আছে।
ইফালে বিদ্যালয়ৰ ছাত্ৰীসকল এই পদক্ষেপক লৈ খুবেই আনন্দিত । কাৰণ তেওঁলোকৰ মেখেলা-চাদৰত বিগত বছৰ ধৰি বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। গৰমৰ দিনৰ লগতে বৰষুণৰ বতৰ, খেলা-ধূলা কৰা আদি বিভিন্ন কাৰণত অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য কৰে ছাত্ৰীসকলে।