পলাশবাৰী, সংবাদ ৩৬৫ ,৩১ মে’ : দক্ষিণ কামৰূপৰ ৰামপুৰৰ এজন মেধাসম্পন্ন ছাত্ৰ । নাম প্ৰৱালজ্যোতি। এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে কলা শাখাত উত্তীৰ্ণ হোৱা প্ৰৱালে সম্প্ৰতি থমকি ৰ’বলগীয়া হৈছে । পিতৃয়ে কান্দি কান্দি হাতযোৰ কৰি চৰকাৰৰ লগতে ৰাইজক সহায় ভিক্ষা মাগিছে । কাৰণ ৰামপুৰৰ চৌধুৰীপাৰাৰ বিশ্বমোহন কলিতা আৰু সৰলা কলিতাৰ একমাত্ৰ পুত্ৰসন্তান তথা ঘৰৰ উপাৰ্জনকাৰী প্ৰৱালজ্যোতি কলিতা নামৰ যুৱকজন এতিয়া জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত ।

পিতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে ঘৰখনৰ বাবে দুপইছা উপাৰ্জন কৰাৰ লগতে নিজৰ বাবেও পঢ়া-শুনাৰ খৰচ উলিয়াইছিল প্ৰৱালজ্যোতি কলিতাই । মেধাসম্পন্ন ছাত্ৰগৰাকীয়ে এইবৰ্ষতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ এইবাৰ উচ্চশিক্ষা গ্ৰহনেৰে এজন ডাঙৰ মানুহ হোৱাৰ সপোন দেখা প্ৰৱালজ্যোতিৰ বাবে হঠাৎ আহিল দুখবৰ ।

ব্ৰেইন টিউমাৰত আক্ৰান্ত ঘৰৰ উপাৰ্জনকাৰী তথা মেধাৱী ছাত্ৰ প্ৰৱালজ্যোতি । তাৰপিছতে যেন অন্ধকাৰ নামি পৰিয়ালটোলৈ । ছাত্ৰজনক জি এম চি এইচ আৰু জি এন আৰ চিত পৰিয়ালৰ লোকে কিছু চিকিৎসা প্ৰদান কৰিছে যদিও সেয়াই যথেষ্ট নহয়। প্ৰৱালৰ চিকিৎসাৰ বাবে বৰ্তমান দৰকাৰ প্ৰায় ৮লাখ টকা কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ নাই সামৰ্থ । সেয়ে ৰাইজৰ লগতে চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালটোৱে ।

হয়টো সকলোৰে অলপ সহায়ে এটা নতুন জীৱনদান দিব পাৰে প্ৰৱালজ্যোতিক । প্ৰৱালজ্যতিৰ পৰিয়ালে ইতিমধ্যে ছাত্ৰ সন্থাকে ধৰি কেইটামান সংগঠনৰ কাষ চাপিছে যদিও বৰ্তমানলৈ কোনো সহাৰি পোৱা নাই ।

প্ৰৱালৰ বন্ধু-বান্ধৱ তথা স্থানীয় এদল যুৱক-যুৱতীয়ে বিভিন্ন লোকৰ ঘৰে ঘৰে গৈ সহায়ৰ হাত মাগিছে । আপুনিও পাৰে প্ৰৱালজ্যোতিক সহায়ৰ হাত আগবঢ়াব পাৰে তলৰ একাউন্টত। ষ্টেট বেংক অফ ইণ্ডিয়া, ব্ৰান্স : পানবজাৰ
একাউন্ট নম্বৰ : 10824109962,
আই এফ এছ চি : SBIN0000078
একাউণ্ট হল্ডাৰ : বিশ্বমোহন কলিতা ( Bishwamohan Kalita)।

ইয়াৰোপৰি ৮৪৭৪৮৯৪৭৬১(8474894761 )আৰু ৮৭৫৩৯৯৭০৭৫ (8753997075) নম্বৰত যোগাযোগ কৰিব পাৰে। সোনকালে সুস্থ হওক প্ৰৱালজ্যোতি উচ্চ শিক্ষাৰে ডাঙৰ মানুহ হওক প্ৰৱালজ্যোতি,ঘৰখনৰ বাবে পুনৰ উপাৰ্জন কৰক প্ৰৱালজ্যোতি কলিতাই ।