নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ জুন : নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ নতুন শিক্ষানীতি । নতুন শিক্ষা নীতিত নাথাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ইতিহাস হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

একত্ৰিকৰণ কৰা হ’ব মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ৷ নতুন শিক্ষানীতিত ছেমিষ্টাৰ পদ্বতিৰে হ’ব পৰীক্ষা ৷ ইয়াত থাকিব মুঠ ৮ টা ছেমিষ্টাৰ ৷ ইফালে অংগনবাড়ীক প্ৰাক প্ৰাথমিক হিচাপে গণ্য কৰা হ’ব ৷ অংগনবাড়ী কেন্দ্ৰসমূহকো প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰি তোলা হ’ব৷