গুৱাহাটী, সংবাদ ৩৬৫, ৩জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা , হাই মাদ্ৰাছা আৰু সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীসকলক জিলা পুথিভঁৰালত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিগত বছৰৰ দৰে এইবছৰো অভিনন্দন জ্ঞাপন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰিবৰ বাবে এনেদৰে প্ৰত্যেক বছৰে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰি অহা হৈছে।

এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ, আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁই , ভাস্কৰ বৰ্মা সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মা , কেন্দ্ৰ সদৌ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য হলধৰ দেৱ শৰ্মা।

এই সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰী , উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কলা শাখাৰ ১৮ জন , বাণিজ্য শাখাৰ ১৮ জন আৰু বিজ্ঞান শাখাৰ ২৬ জন ছাত্ৰ-ছাত্ৰী, হাই মাদ্ৰাছা আৰু সৰ্ব ভাৰতীয় প্ৰশাসনিক সেৱাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিজনকৈ মুঠ ৬ জন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানৰ ৬৫ জন শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানত আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই তেখেতৰ নিজৰ ভাষণত কয় যে মেধাৱী ছাত্ৰ-ছাত্ৰী পৃথিৱীৰ বিভিন্ন স্থানত নেতৃত্ব দি যাওঁক কিন্তু শিপাৰ লগত সংগতি থাকিব লাগিব।
মোৰ কাম অসমৰ কাম, অসমৰ কাম মোৰ কাম,
অসমৰ সন্মান মোৰ সন্মান। মই ভাবিম, মই কৰিম, মই পাৰিম, আৰু অসমৰ মান ৰক্ষা কৰিম এই মনোভাৱ ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰী সকলে।

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ – ছাত্ৰীসকলক উদ্দেশ্যি আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয় ” উঠি অহা ছাত্ৰ উদ্বুদ্ধ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হবৰ বাবে যাতে অনুপ্ৰাণিত হয় , নিজৰ জ্ঞানৰ জৰিয়তে সমাজক উদ্বুদ্ধ কৰাৰ বাবে যাতে অনুপ্রাণিত হয় , শিক্ষাৰে সামাজিক লক্ষ্যত যাতে উপনীত হব পাৰে তাৰবাবেই এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি অহা হৈছে । বহু প্ৰত্যাহ্বান আছে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে এই প্ৰতিযোগিতাৰ পৃথিৱীত কিন্তু সেইখিনি কৰিবলৈ যাওঁতে যাতে আমাৰ শিপাৰ পৰা যাতে বিছিন্ন হৈ নাযায় । প্ৰথম তেওঁলোক ভাল অসমীয়া হব লাগিব ,তাৰ পাছত ভাৰতীয় আৰু বিশ্ব মানৱ হ’ব পাৰিব লাগিব। “