গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুন : সুৰক্ষিত নহয় দ্বীপৰ বিল । সমস্ত মহানগৰীৰ আৱৰ্জনা বক্ষত কঢ়িয়াই এতিয়া কুলষিত হৈ পৰা মনোৰম দীপৰ বিলত বেদখল, ৰেলপথ নিৰ্মাণ, উচ্চ ক্ষমতাসম্পন্ন বিদ্যু সংযোগ আদিয়ে ক্ৰমশ বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে ।

স্থানীয় ৰাইজে হাতীৰ বিচৰণস্থলী মনোৰম দীপৰবিলখন ৰক্ষাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে যদিও সকলো যেন ব্যৰ্থ । বনমন্ত্ৰী আহে আৰু যায়, বিভাগটোৰ বিষয়া-আমোলাৰো বিলখনৰ প্ৰতি উদাসীন মনোভাৱ । উপায়বিহীন ৰাইজে এইবাৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰি কাতৰ আহ্বান জনালে বিলখন ৰক্ষাৰ বাবে ।

উত্তৰ পূৱ ৰেলৱে বিভাগে বিলখনৰ মাজেৰে দ্বৈত ৰেলপথ নিৰ্মাণ কৰিব বিচৰা বিষয়টোৰ আপত্তি দৰ্শোৱাৰ লগতে বিভিন্ন দাবী জনাই প্ৰদান কৰিলে স্মাৰকপত্ৰ । উল্লেখযোগ্য যে এই ৰেল পথত ১৯৯১ চনৰ পৰা বৰ্ত্তমানলৈ ৰেলৰ খুন্দাত মৃত্যু হৈছিল কমেও ১৪ তকৈ হাতীৰ । ইয়াৰ পাছত আৰু যদি দ্বৈত ৰেল পথ হয় দ্বীপৰ বিলৰ পাৰত তেনেহলে নিশ্চয়কৈ হাতীৰ বিচৰণত বাধা প্ৰদান হব ।

কিন্তু সম্প্ৰতি ৰাইজৰ বিলখন ৰক্ষাৰ বাবে জনোৱা কাতৰ আহ্বানক বনমন্ত্ৰীগৰাকীয়ে কিদৰে গ্ৰহণ কৰিব সেয়া সময়েহে ক’ব । নে পূৰ্বৰ দৰেই সকলো হ’ব ভেকোভাওনা ।