নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ জুন : ডিব্ৰুগড় বগীবিল দলংত অঘটন । বন্ধুৰ স’তে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নদীৰ সোঁতত উটি গ’ল এজন কিশোৰ ৷ কিশোৰজনৰ নাম ৰাহুল কুন্দ ৷ বুধবাৰে দিনৰ ২ বজাতে সংঘটিত হোৱা ঘটনাত সন্ধানহীন হোৱা কিশোৰ জনক বিচাৰি পুৱাৰ পৰাই অব্যাহত আছে এছ ডি আৰ এফৰ অভিযান যদিও এতিয়ালৈ সন্ধান পোৱা নাই কিশোৰজনৰ।