গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ছানাউল্লাহ প্ৰসংগত চৰকাৰৰ নীৰৱ ভূমিকাক তীব্ৰ সমালোচনা তৰুণ গগৈৰ ।

সংবাদ মেলত গগৈৰ মন্তব্য ” উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে মুকলি হৈছে ছানাউল্লাহ । ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা ।”

ষড়যন্ত্ৰকাৰীক সংবাদমেলত গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই গগৈয়ে। তেখেতে কয় ‘ বিদেশী ন্যায়াধীকৰণৰ ওপৰত ৰাইজৰ এতিয়া বিশ্বাস নোহোৱা হৈছে।’ ন্যায়াধীশৰ যোগ্যতাৰ সম্পর্কত উচ্চতম ন্যায়ালয়ক পৰীক্ষা কৰাৰ দাবী তোলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকমুহূৰ্তত গগৈয়ে কয় “এন আৰ চি এখন পেলনীয়া কাগজ হ’ব। এন আৰ চিয়ে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে”।