গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুন : ৰাভা দিৱসৰ দিনটোতে মুকলি হ’ল শৰাইঘাটৰ পুৰণি দলং । ১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাটৰ পুৰণি দলঙৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ হ’ল মেৰামতিৰ কাম। প্ৰতিদিনেই তীব্ৰ যান-যঁটৰ সৃষ্টি হোৱা মহানগৰীত এতিয়াৰে নহ’ব বিশেষ যান-যঁট । কাৰণ যান-যঁটৰ বাবে মুকলি কৰা হল পুৰণি শৰাইঘাট দলং । বৃহস্পতিবাৰে বিয়লি ১:৩০ বজাত উত্তৰ পূৱ ৰেইলৱেৰ মহা প্ৰবন্ধক সঞ্জীৱ ৰয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে শৰাইঘাটৰ পুৰণি দলঙখন। আৰু তাৰপাছতেই যান-বাহন দলংখনেৰে চলাচল আৰম্ভ কৰে ।
উল্লেখযোগ্য যে মেৰামতিৰ বাবে যোৱা তিনিমাহ ধৰি অৰ্থাৎ ২৩ মাৰ্চৰ পৰা বন্ধ হৈ আছিল শৰাইঘাটৰ পুৰণি দলং । যাৰ বাবে জালুকবাৰীৰ পৰা শৰাইঘাটৰ দ্বিতীয় দলঙৰ মূৰলৈকে প্ৰতিদিনেই তীব্ৰ যান- যঁটৰ সৃষ্টি হৈ আহিছিল । সেয়ে মুকলি কৰি দিয়া হ’ল পুৰণি শৰাইঘাটৰ দলং।
এই পুৰণি দলংখন মেৰামতিৰ বাবে দৈনিক ৫০০ জন শ্ৰমিক কামত নিয়োজিত হৈছিল । ইয়াৰোপৰি ৫৪ খন শ্লেৱ নতুনকৈ নিৰ্মাণ কৰা হৈছে । লগতে নিৰ্মাণকাৰ্যত ৫০০ টনৰো অধিক ষ্টীল প্লেট আৰু ৰিনফৰ্চমেণ্ট ৰ’ড ব্যৱহৃত হৈছিল ।
দলংখন নিৰ্মাণৰ বাবে ব্যয় হৈছিল মুঠ ৯ কোটি টকা । ইফালে অত্যাধিক প্ৰযুক্তি বিদ্যা প্ৰয়োগ কৰাৰ বাবে বহু বছৰ ধৰি দলংখন পুনৰ মেৰামতিৰো প্ৰয়োজন নহ’ব ।
উত্তৰ পূৱ ৰেইলৱেৰ মহা প্ৰবন্ধক সঞ্জীৱ ৰয়ে জানিবলৈ দিয়া অনুসৰি অসম চৰকাৰে যোৱা মাৰ্চ মাহতে দলঙখনৰ মেৰামতিৰ কাম ৰেইলৱে কৰ্তৃপক্ষক অৰ্পন কৰিছিল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটোলৈকে অৰ্থাৎ ২০ জুন দিনটোলৈকে দলঙখন মেৰামতিৰ বাবে ৰেইলৱে বিভাগক সময়সীমা বান্ধি দিছিল । সেই অনুসৰিয়েই ৰেইলৱে বিভাগে সম্পূৰ্ণৰূপে মেৰামতি কৰি নতুন ৰূপত সজাই তুলিলে শৰাইঘাটৰ পুৰণি দলং আৰু পুনৰ যাত্রীৰ বাবে মুকলি কৰি দিলে দলংখন ।