গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুন : গুৱাহাটী মহানগৰীৰ দিছ্পুৰ থানাৰ অন্তৰ্গত বৰবাৰীৰ হিলটাউনৰ পথৰ দাতিত কালি নিশা আৰক্ষীয়ে এটা অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, স্থানীয় লোকে বৰবাৰীৰ হিলটাউনৰ পথৰ দাতিত এটা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।
ঘটনা স্থলীত আৰক্ষীৰ লোক উপষ্টিত হৈ মৃতদেহ উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালালৈ প্ৰেৰণ কৰে। বর্তমানলৈ মৃত লোক জনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰাখিছে ।
মৃত লোক জনৰ বয়স ৬০ বছৰ হব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । ৰোগত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে হাস্পতালৰ মর্গত ৭২ ঘণ্টা ৰাখি থব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।