খাৰুপেটীয়া, সংবাদ ৩৬৫, ২২ জুন : দৰং জিলাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠনৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলে কৰিলে প্ৰতিবাদ। নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্র ছাত্ৰীয়ে কৰিলে এই প্ৰতিবাদ।মহাবিদ্যালয় খনত শ্নাতক মহলাত নাম ভৰ্ত্তিকৰণৰ বাবে কৰ্তৃপক্ষই ১৪১৯ টা প্ৰ-পত্ৰ বিতৰণ কৰে যদিও কলেজ কৰ্তৃপক্ষই কেৱল ৮০০ জন ছাত্র ছাত্ৰীক নাম ভৰ্ত্তি কৰা হব বুলি জনোৱাত ক্ষুদ্ধ হৈ পৰে ছাত্ৰ ছাত্ৰী তথা বিভিন্ন দল সংগঠনে।
আজি দিনৰ ১১ বজাত বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীক নাম ভৰ্ত্তীকৰণৰ দাবীত বিভিন্ন দল সংগঠনে কলেজৰ মেইন গেটৰ সন্মুখত ইনক্লাব জিন্দাবাদ,ছাত্র ঐক্য জিন্দাবাদ, বঞ্চিত ছাত্র ছাত্ৰীক নাম ভৰ্তি কৰিব লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে মঙ্গলদৈ আৰু দলগাও সমষ্টিৰ বৃহত্তৰ অঞ্চলত থকা একমাত্ৰ মহাবিদ্যালয় খনত স্নাতক মহলাত সীমিত আসন থকাৰ বাবে বিগত বৰ্ষতো নামভৰ্তিৰ পৰা বঞ্চিত হবলগীয়া হৈছিল ছাত্র ছাত্ৰী সকলে ।