ৰঙাপাৰা, সংবাদ ৩৬৫, ২২জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন ।উল্লেখযোগ্য যে অসম চৰকাৰৰ মন্ত্ৰী তথা ৰঙাপৰা বিধান সভা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰঙাপৰাত উপ-নিৰ্বাচনৰ পথ প্ৰশস্ত হয়।

ইপিনে ৰাজেন বৰঠাকুৰৰ দৰে বিজেপিৰ কেইবাজনো নেতাৰ নাম সংবাদমাধ্যমত চৰ্চা হৈ থকাৰ সময়তে ৰঙাপৰাৰ উপ-নিৰ্বাচনত বিজেপি দলৰ ফালৰ পৰা ৰঙাপৰাৰ স্থানীয় ব্যক্তিকে প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ দাবী জনাইছে। এই সন্দৰ্ভত ৰঙাপৰা ব্লক মণ্ডল আৰু বালিপৰা মণ্ডলে কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰি বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰি সভাত এইবাৰ ৰঙাপৰাৰ স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব দিয়াৰ বাবে এক প্ৰস্তাৱ গ্ৰহন কৰে আৰু উক্ত প্ৰস্তাৱ বিজেপিৰ ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে দেশে স্বাধীনতা লাভ কৰা ৭২ বছৰ অতিক্ৰম কৰিলে যদিও ৰঙাপৰাৰ সমষ্টিত আজিলৈকে কংগ্ৰেছেই হওক বা বিজেপিয়ে স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলি ৰঙাপৰাত অনুষ্ঠিত হব লগীয়া উপ-নিৰ্বাচনত বিজেপি দলৰ শীৰ্ষ বিষয়াসকলে ৰঙাপৰাৰ স্থানীয় এগৰাকী নিষ্ঠাবান লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰি এক উপহাৰ দিবলৈ তৃণমূল কৰ্মীসকলে আহ্বান জনাইছে।