জনীয়া, সংবাদ ৩৬৫, ২৩ জুন : যোৱা ১৮ জুনৰ নিশা জনীয়া আৰু বালিকুৰি অঞ্চলৰ কেইজনমান সংখ্যালঘু যুৱক পেটৰ তাড়নাত দিন হাজিৰা কৰিবলৈ নেপাললৈ গৈ থকাৰ পথত তেওঁলোকৰ গাড়ী আগুচি ধৰি বৰপেটা এম চি কলেজৰ সমীপত কেইজনমান উদণ্ড ৰাম সেনাৰ কৰ্মীয়ে যুৱক কেইজনক পাকিস্তান জিন্দাবাদ আৰু জয় শ্ৰী ৰাম কবলৈ বাধ্য কৰোৱায়। লগতে জয় শ্ৰীৰাম, পাকিস্তান জিন্দাবাদ আৰু হিন্দুস্থান মুৰ্দাবাদ নোকোৱাৰ বাবে গুৰুতৰ ভাৱে মাৰধৰ কৰাৰ লগতে ঘটনাটোৰ ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল কৰে।
ঘটনা সংক্ৰান্তত মূল অভিযুক্ত যোগী দেৱজিৎ ডেকাক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাৰ লগত জড়িত বাকী দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত দেওবাৰে পোৱা জনীয়াৰ চৌধুৰী বজাৰত চি পি আই এমৰ তৰফৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। সভাত অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
এই ঘটনাৰ গইনা লৈ যাতে কোনো দুষ্কৃতিকাৰীয়ে সাম্প্ৰদায়িক বিষবাষ্পৰে অসমৰ সাতাম পুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতিও চৰকাৰক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে। ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান নকৰিলে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে দলটোৰ নেতা কৰ্মী সকলে।
প্ৰতিবাদী কাৰ্যসূচীত চি পি আই এমৰ বৰপেটা লোকেল কমিটিৰ সদস্য জয়নাল আবদিনকে আদি কৰি অৰ্ধশতাধিক নেতা-কৰ্মী উপস্থিত থাকে।