নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ জুন : বৰদৈচিলা থিয়েটাৰৰ পৰা অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ অভিনয় চুক্তি বাতিলৰ পাছতে উঠি পৰি লাগিছে ৰাজ্যৰ সাংস্কৃতিক মহল । অভিনেতা, প্ৰয়োজকৰ পাছতে এইবাৰ গৰজি উঠিছে মাজুলীৰ সাংস্কৃতিক সমাজ । এক সংবাদমেলৰ জৰিয়তে সন্মিলিত শিল্পী সমাজ মাজুলীৰ প্ৰাক্তন সভাপতি প্ৰভাত বৰা বুঢ়াভকতে বৰদৈচিলা থিয়েটাৰ কতৃপক্ষৰ লগতে প্ৰযোজক নজৰুল ইছলামক ধিক্কাৰ দি মাজুলীত বৰদৈচিলা থিয়েটাৰক সন্মিলিত শিল্পী সমাজ মাজুলীয়ে নিষিদ্ধ কৰিছে বুলি ঘোষণা কৰে।
সুদীৰ্ঘ ৭ বছৰৰ অন্তত পুনৰ ভ্ৰাম্যমাণ জগতলৈ আহিয়েই খলকনিৰ সৃষ্টি কৰিছিল সুদক্ষ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই । উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকী ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ বৰদৈচিলা থিয়েটাৰৰ ২০১৯-২০ নাট্যবর্ষৰ বাবে ২০১৮চনতে চুক্তিবদ্ধ হৈছিল । কিন্তু কোনো ধৰণৰ আগজাননী নিদিয়াকৈ চুক্তি বাতিল কৰে বৰদৈচিলা থিয়েটাৰগোষ্ঠীয়ে । কিয় বৰদৈচিলা থিয়েটাৰত অভিনয়ৰ চুক্তি বাতিল হ’ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ ? শুকুৰবাৰে এখন সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিছিল অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা । অভিনেত্ৰী গৰাকীৰ লগত আচলতে হৈছিল কি ?
সংবাদমেলত অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কিছুদিনৰ পূৰ্বে থিয়েটাৰখনৰ চলিত বর্ষৰ দুখন নাটকৰ ফটো, ভিডিঅ’ শ্বুট কৰা হৈছিল । কিন্তু তাৰে এখন নাটক যিখনৰ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য । নাটকখনৰ নাম আছিল ” মহীয়সী” । এই নাটকখনৰ ভিডিঅ’ আৰু ফটো শ্বুট কৰোতে তেওঁ যোৱাবছৰ কৰি অহা এখন নাটকৰ সৈতে একেই দেখা পাইছিল এইবাৰৰ নাটকখনৰ বিষয়বস্তু । যিহেতু তেওঁলোকক নাটকৰ স্ক্ৰিপ্ট দিয়া নহৈছিল সেইবাবে গম পোৱা নাছিল নাটকৰ বিষয়বস্তু কেনেধৰণৰ হ’ব । সেইবাবে তেওঁ প্ৰযোজকক নাটকখনৰ স্ক্ৰিপ্ট বিচাৰিলে কিন্তু প্ৰযোজকে জানিবলৈ দিলে যে নাট্যকাৰক নোসোধাকৈ স্ক্ৰিপ্ট দিব নোৱাৰি। সেয়ে তেওঁ নাট্যকাৰক ফোন কৰি স্ক্ৰিপ্ট বিচাৰিছিল যদিও ওলোটাই নাট্যকাৰে তেওঁক কটু ভাষাৰে সমালোচনাহে কৰিলে আৰু পাছত স্ক্ৰিপ্ট নপঢ়াকৈ ভিডিও , ফটো শ্বুট কৰিব নোৱাৰিম বুলি কোৱাত দুদিন ধৰি শ্বুটিং বন্ধ থকাত নাট্য গোষ্ঠীটোৱে অৱশেষত স্ক্ৰিপ্ট পঢ়ি চাবলৈ দিয়ে ।
স্ক্ৰিপ্টটোত মুঠ ২৯ টা সংলাপৰ সাদৃশ্য দেখিবলৈ পাইছিল যোৱা বছৰৰ নাটকএখনৰ সৈতে । সেয়ে তেওঁ সেইয়া বাছি উলিয়াই সলনি কৰি চাবলৈ দিছিল প্ৰযোজকক । কিন্তু প্ৰযোজক নজৰুল ইছলামে কোনোপধ্যেই সেইয়া সলনি কৰিব নোৱাৰিব বুলি জনালে আৰু কলে ” এতিয়া তুমি কি সিদ্ধান্ত লবা জনাব লাগে ” । ইয়াৰ বাবে আৰু সন্তানৰ স্বাস্থ্যৰ অসুখৰ বাবে অভিনেত্ৰীগৰাকীয়ে দুদিন সময় বিচাৰিলে আৰু তিনিদিনৰ দিনা অভিনেত্ৰীগৰাকীৰ ঘৰলৈ নাট্যগোষ্ঠীৰ দুজন প্ৰতিনিধি আহি তেওঁক জনালে যে তেখেতৰ চুক্তি বাতিল হৈছে । খবৰটো পাই প্ৰযোজকলৈ ফোন কৰাত প্ৰযোজক নজৰুল ইছলামে কয় ” তুমি যথেষ্ট সময় ল’লা। ফটো শ্বুট আৰু ভিডিঅ’ ৰেকৰ্ডিঙৰ কৰাৰ বাবে আমাৰ পলম হৈছে।তাৰ বাবে তোমাৰ লগতে চুক্তি বাতিল কৰা হৈছে”। সংবাদমেলত এনেদৰে সমগ্ৰ ঘটনা বিবৰি কৈ হুকহুকাই কান্দোনত ভাগি পৰে অভিনেত্ৰীগৰাকী ।
সংবাদ মাধ্যমৰ আগত আৱেগিকভাবে চকুলো টুকি অভিনেত্ৰীগৰাকীয়ে কয় “কাইলৈৰ পৰা পৰিয়াল চলাবৰ বাবে ওলাই যাব লাগিব। যদি কোনো নাট্যগোষ্ঠীৰ প্ৰয়োজকে এইবর্ষৰ বাবে মোক বিচাৰে তেন্তে মই সুখী হ’ম। ”
হয় , কাৰণ তেওঁৰ লগত আছে দুটিকৈ সন্তান । পৰিয়াল চলাবলৈ ক’ত ওলাই যাব অভিনেত্ৰীগৰাকী ? বৰদৈচিলা থিয়েটাৰৰ লগত চুক্তিবদ্ধ হোৱাৰ পাছত তেওঁ বহুত কাম পাইয়ো বাদ দিব লগা হৈছিল ।
শেষত তেওঁ কয় ” প্ৰযোজকে আজি মোৰ পেটত গোৰ মাৰিছে। সেয়া আচলতে কৰিব নালাগিছিল। পুনৰ কাৰো লগত এনে ঘটনা সংঘটিত নহয়। ভ্ৰাম্যমাণ থিয়েটাৰ যুদ্ধক্ষেত্ৰ নহয়, ই কলাৰ সংমিশ্ৰণ। ইয়াত মৰম আৰু শ্ৰদ্ধা থকা উচিত”।
ভ্ৰাম্যমাণ জগতত চলি আছে কি ? অভিনেত্ৰীগৰাকীৰ ভুল ক’ত আছিল ? কিয় তেখেতক এনেদৰে অনানুষ্ঠানিকভাৱে বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰৰ পৰা ? প্ৰযোজক বা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্যক স্ক্ৰিপ্ট বিচৰাটোৱেই ভুল আছিল নেকি অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ । অভিনেত্ৰীগৰাকীয়ে বিচাৰিছিল দৰ্শকক এটা নতুন আমেজ দিবলৈ, এখন ব্যতিক্ৰমী নাটক প্ৰদৰ্শন কৰিবলৈ । কিন্তু তেওঁক সেইয়া কৰিবলৈ দিয়া নহ’ল। বৰঞ্চ নাটকখনৰ ভুলবোৰ দেখুৱাই দিয়াত তেখেতক বাতিলহে কৰা হ’ল । এনেদৰে ভ্ৰাম্যমাণৰ জগতত শিল্পীক অপদস্থ কৰা এইয়াই নতুন নহয় । আৰু বহুতো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীও অপমানিত হৈছে । বৰ্তমান ভ্ৰাম্যমাণৰ জগতখন এনেকুৱা এটা পৰ্যায় পাইছেগৈ য’ত আছে নাট্যকাৰ তথা প্ৰযোজকগোষ্ঠীৰ একাধিপত্য , নাই শিল্পীৰ কোনো স্বাধীনতা ।