কলগাছিয়া, সংবাদ ৩৬৫, ২৬ আগষ্ট : কলগাছিয়াৰ কালামপুৰত বেকী নৈত হোৱা নাও দুৰ্ঘটনাৰ ১২ দিন উকুলি যোৱাৰ পিছতো সন্ধানহীন হৈ থকা ৫ জনকৈ লোকৰ এজনৰো মৃতদেহ উদ্ধাৰ নোহোৱাত গাও খনত আজিও শোকৰ ছা বিৰাজ কৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য ১২ আগষ্টৰ ঈদৰ দিনা নাও দুৰ্ঘটনা হৈ একেটা পৰিয়ালৰ চাৰিজন ক্ৰমে আব্দুল ছামাদ (৫০), চায়েদ আলী (৪৮), একৰামুল হুছেইন (৭), ছানিয়াৰা খাতুন (৪) ৰ উপৰি আন এটা পৰিয়ালৰ নাৰ্গীচ চুলতানা (৭) সন্ধানহীন হৈছিল । এচ ডি আৰ এফ বাহিনীয়ে দুদিন উদ্ধাৰ অভিযান চলায় যদিও সম্প্ৰতি এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান বন্ধ হৈ আছে।
অৱশ্যে স্থানীয় ৰাইজে ধাৰাবাহিক ভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । নাওখনৰ পৰা জীৱন্তে উদ্ধাৰ হোৱা সাহানুৰ আলম, মজিবৰ ৰহমান, বুলবুল হাছান, হাবিজুদ্দিন, নজৰ আলী আৰু ফৰিদা খাতুন সুস্থ হৈ উঠিছে যদিও সন্ধানহীনৰ এজনৰো মৃতদেহ আজিলৈকে উদ্ধাৰ নোহোৱাত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ।
ইফালে বাংগালোৰৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন আল আমিন ইডুকেশ্বন ছোছাইটীৰ কলগাছিয়া শাখাৰ সভাপতি এম মোজাম্মিল হুছেইন আৰু সম্পাদক ইছমাইল হুছেইনে উক্ত পৰিয়াল বৰ্গৰ মাজত চাউল, কাপোৰ, কম্বল আদি বিতৰণ কৰে। এইক্ষেত্ৰত সংগঠনটোৱে সন্ধানহীনৰ পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।