নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : পুৰনি কামৰূপ ৰাজ্যৰ ৰজা ভগদত্তই অসমীয়া জাতিৰ জাতীয় সত্বাৰ প্ৰতীক এই বুতা বচা গামোচা খন তৈয়াৰ কৰি উলিয়াৰ পৰা বৰ্তমান এতিয়ালৈকে ব্যৱহাৰ হৈ থকা গামোচাখন ইতিহাসৰ পৰাই এক গৌৰৱজ্জল অধ্যায়। ৰঙা পাৰি দিয়া গামোচাখন অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ। অসমীয়া শিপিনীসকলৰ চানেকী গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ ।
এই অসমীয়াৰ গৌৰৱ অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে এক বিশেষ স্বীকৃতি। গামোচাই লাভ কৰিলে এক
ভৌগোলিক পৰিচয় ( জি আই ) ।
ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো এটা সামগ্ৰীৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা একধৰণৰ বৌদ্ধিক স্বত্ব।
অসমৰ কৃষি, প্ৰকৃতি, উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো গামোচাই এক পৰিচয় বহন কৰে বুলি উল্লেখ কৰিছে জি আই টেগ প্ৰদান কৰা দেশৰ আই পি আই বডীয়ে।
উল্লেখ কৰিব পাৰি যে গোলাঘাটৰ হস্তশিল্পৰ ফালৰ পৰা গামোচাক ভৌগোলিক পৰিচয় দিবলৈ আবেদন জনোৱা হৈছিল ।
ইয়াৰ পূৰ্বেও চকোৱা চাউল, মুগা, জহা চাউল আৰু তেজপুৰৰ লিচুৱে ভৌগোলিক পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল।