গুৱাহাটী, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : বায়ু প্ৰদূষণ ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। ইন্ধনৰ বাবে কাঠ জ্বলোৱা, জীৱ-জন্তুৰ দহন, ইন্ধনৰ ভেজালকৰণ, যান-বাহনৰ পৰা হোৱা নিৰ্গমন আৰু যান-জট ইত্যাদি কাৰকবোৰে ভাৰতত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে।

উল্লেখ কৰিব পাৰি যে ভয়াৱহ বায়ু প্ৰদূষণৰ বাবেই প্ৰায় ৫ দিন ধৰি বন্ধ আছিল দিল্লীৰ বিদ্যালয়সমূহ।

ইফালে মহানগৰী গুৱাহাটীতো এক অস্বাস্থ্যকৰ বতাহ চলাচল। ক্ৰমান্বয়ে নিম্নগামী হৈ গৈছে বতাহৰ মান। সোমবাৰে নতুন দিল্লীত এয়াৰ কুৱালিটি ইণ্ডেক্স ১৫১ আৰু গুৱাহাটীত ই হৈছেগৈ ১৬৭ ।

মন কৰিবলগীয়া যে ২০০৫ চনত ভাৰত চৰকাৰে যান-বাহনৰ নিৰ্গমনৰ ক্ষেত্ৰত ‘ভাৰত ষ্টেজ ৪’ মান নিৰ্দ্ধাৰণ কৰে-যিটো ইউৰোপীয় মান ‘ইউৰো ৪’ ৰ সমান। কিন্তু ২০০৫ চনৰ পূৰ্বৰ যান-বাহন ভাৰতৰ পথত এতিয়াও চলি আছে।

ৰোগৰ গোলকীয় বোজা সম্পৰ্কীয় ২০১০ চনৰ অধ্যয়নৰ প্ৰতিবেদন ২০১৩ চনত ৰাজহুৱা হৈছিল, য’ত কোৱা হৈছিল যে ভাৰতত মৃত্যুৰ পঞ্চমটো অন্যতম কাৰক হৈছে বাহ্যিক বায়ু প্ৰদূষণ আৰু ২০১০ বছৰটোত ইয়াৰ বাবে ৬,২০,০০০ টা আগতীয়া মৃত্যুৰ ঘটনা ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ আটাইতকৈ প্ৰদূষিত ২০ খন মহানগৰৰ ভিতৰত ১৩ খনেই ভাৰতৰ।

ৰাজ্যৰ চহৰাঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। বিশেষকৈ অসমৰ গুৱাহাটী, শিলচৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱ এই পাঁচখন চহৰত বায়ু প্ৰদূষণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । এই তথ্য অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ।

উল্লেখযোগ্য যে এনেদৰে বায়ু প্ৰদূষণ বৃদ্ধি পাই আছে । সকলোতে কেৱল প্ৰচাৰ চলি আছে বায়ু প্ৰদূষণক লৈ। কিন্তু কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।