বৰপেটা, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : সোমবাৰে যুৱ সমাজকৰ্মী, সাংবাদিক, লেখক-কবি, প্ৰাক্তন ছাত্ৰ নেতা সাজাহান আলী আহমেদলৈ চেণ্টাৰ ফৰ ইকুইটি ষ্টাটিজ (চিইএছ)ৰ তৰফৰ পৰা প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান বৰপেটাৰোডস্থিত ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীত গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰা হয় ।

উক্ত অনুষ্ঠানটিৰ আঁত ধৰে সাংবাদিক আৰু সমাজকৰ্মী শাকিল আহমেদে। অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট লেখক নৱশৰণ সিং, গোৰৰেপতি নৰেন্দ্ৰনাথ মেম’ৰিয়েল ট্ৰাষ্টৰ ট্ৰাষ্টি উমা ছাংকাৰী, সংযুক্তা গোৰৰেপতি, বিশিষ্ট সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়াল, বিশিষ্ট বিজ্ঞানী অমিতাভ বসু, গৱেষক ছাত্ৰ আব্দুল কালাম আজাদকে ধৰি বহু ব্যক্তি। উপস্থিত থকা সকলোৱেই নিজৰ ভাষণত সাংবাদিক, লেখক, কবি সাজাহান আলী আহমেদক প্ৰশংসা কৰে।

উক্ত সন্মান গ্ৰহণ কৰি সাজাহান আলী আহমেদে কয় যে এয়া মাথো সন্মানেই নহয় । এইয়া নিকা আৰু সম্প্ৰীতিৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখি সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি ।

ইফালে চি ই এছৰ সঞ্চালক হৰ্ষ মান্দাৰে কয় যে নাগৰিকত্বৰ নামত হৈ থকা অসমত হৈ থকা হাৰাশাস্তিৰ সময়তে সাজাহানে সমাজসেৱাৰ জৰিয়তে এই নাগৰিকসকলৰ পক্ষত থিয় দি তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত নিৰলস প্ৰচেষ্টাৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান জনোৱাৰ লগতে কৰ্মক্ষেত্ৰখনত অধিক উৎসাহ-প্ৰেৰণা যুগোৱাৰ উদ্দেশ্যেই তেওঁলৈ এই সৌহাৰ্দ্য সন্মান আগবঢ়োৱা হৈছে৷