গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইন, সংবাদ ৩৬৫, ২৪ জুন : কামৰূপ জিলাৰ ছায়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত অন্যতম কুখ্যাত অপৰাধী আবুল কালাম আজাদ পৰিল আৰক্ষীৰ জালত। পূৰ্বে নাৰী ব্যৱসায়ী, চোৰাং কাঠ মাফিয়া, চুৰি, ডকাইতি আৰু অন্যান্য অপৰাধৰ লগত জড়িত আবুল কালাম আজাদ ড্ৰাগছ সৰবৰাহত নামিয়ে পৰিল আৰক্ষীৰ জালত।

দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত মাজৰটোপ গাঁৱৰ আবুল কালাম আজাদৰ অপৰাধৰ তালিকাৰ বিষয়ে অঞ্চলটোৰ প্ৰতিজন ব্যক্তি জ্ঞাত। নাৰী ব্যৱসায়ী, চোৰাং কাঠ মাফিয়া, চুৰি, ডকাইতি আদি সকলো ধৰণৰ অপৰাধৰ লগত জড়িত আবুল কালাম আজাদ। পিছে নতুনকৈ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈয়ে বিপদত পৰিল আবুল কালাম আজাদ। বুধবাৰে ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত যুটীয়া অভিযান চলাই বিভিন্ন অপৰাধমূলক কামত লিপ্ত থকা আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ তথ্য মৰ্মে গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমেন্দ্ৰ সিনহাই অভিযান চলাই গৰৈমাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ সমীপৰ পৰা কুখ্যাত অপৰাধী আবুল কালাম আজাদৰ লগতে গোৱালপাৰা জিলাৰ ধূপধৰাৰ ৰূপজল হক নামৰ অনা এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

কৱমৰূপ জিলাৰ ছয়গাঁৱৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি নিচা জাতীয় সামগ্ৰীৰ বেহা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অঞ্চলটোত আবুল কালাম আজাদ নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জনে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আৰক্ষীৰ বাবে মূৰৰ কামোৰণী হৈ পৰিছিল। বুধবাৰে আবুল কালাম আজাদ আৰু ৰূপজল হক আৰক্ষীৰ জালত পৰাত আৰক্ষীয়ে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি আৰক্ষীৰ সূত্ৰেই প্ৰকাশ‌ কৰিছে।